DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত হেলিপেডৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰিহন দৈমাৰীৰ

by
January 3, 2019 5:14 pm
udalguri-helipad-foundation-laid-750x375
212
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ ওদালগুৰিৰ জিলাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে এখন হেলিপেডৰ আধাৰশিলা স্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ওদালগুৰি চহৰৰ পৰা প্ৰায় ২ কিঃমিঃ উত্তৰৰ হৰপুৰত এই হেলিপেডখনৰ আধাৰশিলা স্থাপন কৰা হৈছে।

২০১৬-১৭ আৰু ২০১৭-১৮ (সংযুক্ত পুঁজিৰে) ১ কোটি টকা ব্যয় সাপেক্ষে এই হেলিপেডখন নিৰ্মাণ কৰা হ’ব। ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ অধ্যক্ষতাত ওদালগুৰি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত এই বিষয়ক এখন সভা অনুষ্ঠিত কৰা হয়।

আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে ওদালগুৰিত যথেষ্ট প্ৰগতি সাধন কৰা হৈছে আৰু হেলিপেডখনে এই জিলাখনৰ গৌৰৱত আৰু এটা মাত্ৰা যোগ দিব।

তেওঁ আৰু জনাইছে যে নিটি আয়োগৰ প্ৰতিৱেদন অনুসৰি, সমগ্ৰ দেশৰে ১১৫খন জিলাৰ ভিতৰত ওদালগুৰি অসমত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৫ নম্বৰ স্থানত আছে। তেওঁ আৰু জনাইছে যে ওদালগুৰি-ৰৌতা পথ আৰু ওদালগুৰি-কলাইগাঁও পথৰ নিৰ্মাণ যুদ্ধ-কালীন প্ৰস্তুতিৰে চলি আছে।

মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে অসম আৰু অৰুণাচলৰ মাজত পথ যোগাযোগ সুচল কৰাৰ বাবে ৩৪ কোটি ব্যয়সাপেক্ষে ভৈৰবকুণ্ডত এখন স্থলপথ দলং নিৰ্মাণ কৰা হ’ব।

বিটিচিৰ অতিৰিক্ত প্ৰধান সচিব ৰবিনছন মুছাহাৰীয়ে কৈছে যে জানুৱাৰি মাহৰ ১৫ তাৰিখে ওদালগুৰি জিলাৰ নলখামৰা গাঁৱত নিৰ্মাণ হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ আধাৰশিলা প্ৰধান মন্ত্ৰী মোডীয়ে ডিজিটেল পদ্ধতিৰে স্থাপন কৰিব।

ওদালগুৰি জিলাৰ উন্নয়নৰ বাবে হাতত লোৱা আন আন বিকাশমূলক প্ৰকল্পসমূহ হৈছে হৰিশিঙাৰ ওচৰৰ কোচপাৰাত নিৰ্মাণ হ’বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় (Model Degree College ) আৰু মাজবাটত নিৰ্মাণ হ’বলগীয়া এটা বিজ্ঞান কেন্দ্ৰ।

Recent News

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd