অৰুণ জেটলীৰ কৃপাতে প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত থিয় দিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই

‘মই যেতিয়া ওকালতি কৰিছিলো, তেতিয়া তেওঁ মোৰ মেন্টৰ আছিল’ ভট্টাচাৰ্য্য

Siddhartha And Jately

প্ৰবীণ ৰাজনীতিক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত অৰুণ জেটলীৰ কৃপাতে প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত থিয় দিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত জেটলীৰ স্মৃতিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা সদৰী কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

জেটলীৰ সৈতে স্মৃতি বিজড়িত কথাৰে নিজৰ ভাষণ ৰখা মন্ত্ৰী ভট্টাচাৰ্য্যই ওকালতি জীৱনত জেটলীয়ে কৰা সহায়-সহযোগিতাৰ কথাও সোঁৱৰে।

‘’মই যেতিয়া ওকালতি কৰিছিলো, তেতিয়া তেওঁ মোৰ মেন্টৰ আছিল। ১৯৯৯ চনৰ ওচৰে পাজৰে মই অৰুণ জেটলীক নুমলীগড় তেল শোধানগৰৰ এটা গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে তেওঁক জড়িত কৰাইছিলো,’’-ভট্টাচাৰ্য্যই কয়।

গোচৰৰ শুনানিৰ আগদিনা ৰাতি জেটলীৰ ঘৰত গোচৰ সম্পৰ্কত আলোচনা কৰি ওলাই আহিবৰ সময়ত ভট্টাচাৰ্য্যক জেটলীয়ে মাতি নি পাছদিনা উচ্চতম ন্যায়ালয়ৰ মজিয়াত জেটলীৰ হৈ ভট্টাচাৰ্য্যক থিয় হৈ বিষয়টো উপস্থাপন কৰিবলৈ অনুৰোধ কৰিছিল।

জেটলীৰ অনুৰোধ ৰক্ষা কৰিয়েই শুনানিৰ দিনটোত ভট্টাচাৰ্য্যই বিষয়টো ন্যায়ালয়ৰ মজিয়াত তুলি ধৰিছিল আৰু জেটলী সেই সময়ত তেওঁৰ কাষতে বহি আছিল বুলি তেওঁ জনায়।

ন্যায়ালয়ৰ পৰা ওলাই অহা মুহূৰ্ততে জেটলীয়ে তেওঁৰ পকেটত থকা প্ৰিয় ‘মবব্লাগ কলম’টো ভট্টাচাৰ্য্যক উপহাৰ হিচাপে দিছিল বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে।

‘’কলমটো মোৰ পকেটত গুজি দি তেওঁ কৈছিল এইটো তোমাৰ পাৰদৰ্শিতাৰ বাবে দিছো। আজিৰ দিনটোতো সেই কলমটো লৈ মই আৱেগিক হৈ পৰিছিলো,‘’-আৱেগিক হৈ পৰা ভট্টাচাৰ্য্যই এইদৰে কয়।

সেই দিনটোত ভট্টাচাৰ্য্যই ওকালতি জীৱনত প্ৰথমবাৰলৈ উচ্চতম ন্যায়ালয়ত ভৰি দিছিল বুলি সদৰী কৰে।

আনহাতে, ভট্টাচাৰ্য্যৰ সৈতে জেটলীৰ অন্য এক ব্যক্তিগত সম্পৰ্ক জড়িত স্মৃতিৰ কথা সোঁৱৰি ভট্টাচাৰ্য্যই কয়, ‘’মই ২০১৬ত পূৱ গুৱাহাটী সমষ্টিৰ পৰা বিধানসভাৰ টিকট লাভ কৰোতে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰথমবাৰলৈ লগ পাওঁতে তেওঁ মোক জিকিম নে নিজিকিম সুধিছিল। মই তেওঁক প্ৰচাৰ চলাবলৈ আহিবৰ বাবে অনুৰোধ জনাইছিলো যদিও শাৰিৰীকভাৱে অসুস্থ থকাৰ বাবে প্ৰচাৰ কৰিবলৈ আহিব নোৱাৰিম বুলি ক’লে। সেইবছৰ তেওঁৰ গা অসুস্থ থকা বাবে কোনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা নাছিল।‘’

ভট্টাচাৰ্য্যই লগতে কয়, ‘’অৱশ্যে বিজেপিৰ ভিজন ডুক’মেন্টখন শুভাৰম্ভ কৰাৰ সময়ত তেওঁ মোৰ হৈ প্ৰচাৰ চলাইছিল। ২০ মিনিটৰ বাবে এখন সভাত ভাগ লৈছিল অশোক ব্ৰহ্মপুত্ৰ হোটেলৰ সভাকক্ষত। তেওঁ গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ উদ্যোগপতি, ব্যৱসায়ী, আৰু ভোট ক্ৰিয়েটৰৰ উপস্থিতিত ২০ মিনিটজোৰা ভাষণ ৰাখিছিল। মই জনাত ২০১৬ চনত অসমত এখনেই সভা সম্বোধন কৰিছিল।‘’