জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিভক্ত কৰা প্ৰসংগত চীনৰ মন্তব্যৰ পাছতে বৃহস্পতিবাৰে দেশৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ চীনক সকীয়নি দিয়ে ভাৰতে।
ভাৰতে জম্মু-কাশ্মীৰ সন্দৰ্ভত লোৱা সিদ্ধান্তক চীনে বেআইনী আৰু অবৈধ বুলি কোৱাৰ পাচতে দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰাবিশ কুমাৰে চীনক কঠোৰ সমালোচনা কৰে।
‘‘জম্মু-কাশ্মীৰ সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা সিদ্ধান্ত সম্পুৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয়,’’ কুমাৰে কয়।
‘‘চীনকে ধৰি অন্য কোনো দেশে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মতাটো আমি পচন্দ নকৰো,’’ কুমাৰে লগতে কয়।
চীনে জম্মু-কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে ভালকৈ অৱগত বুলিও তেওঁ মত প্ৰকাশ কৰে।
ভাৰতে জম্মু-কাশ্মীৰ আৰু লাদাখত অবৈধভাৱে বহু ঠাই দখল কৰি থকা বুলি চীনে কৰা মন্তব্যৰ উত্তৰত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে চীনক সমালোচনা কৰি চীনেহে পাকিস্তানে দখল কৰি থকা কাশ্মীৰৰ বহু ঠাই অবৈধভাৱে অধিকাৰ কৰি থকা বুলি কয়।
‘‘চীনে বৰ্তমানেও জম্মু-কাশ্মীৰ আৰু লাদাখৰ বহু ঠাই তথাকথিত চীন-পাকিস্তান সীমান্ত চুক্তি অনুসৰি অবৈধভাৱে বেদখল কৰি আছে,’’ কুমাৰে সংবাদ মেলত কয়।
উল্লেখযোগ্য যে, ৫ আগষ্টত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰক লাদাখ আৰু জম্মু-কাশ্মীৰ হিচাপে দুখন কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰিছিল।