আলফা (স্বাঃ)ৰ সামান্য বিস্ফোৰণে উদঙাই দিছে মহানগৰীৰ ‘নিশ্ছিদ্ৰ’ নিৰাপত্তাৰ বৃহৎ ছিদ্ৰ

গুৱাহাটীৰ আটাইকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়ৰ পৰা ৫শ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ জনপথত কিদৰে বোমা বিস্ফোৰণ কৰিবলৈ পালে নিষিদ্ধ সংগঠনটোৱে? ২০০৮ চনৰ ৩০ অক্তোবৰত সংঘটিত বিভীষিকাময় চিৰিয়েল বোমা বিস্ফোৰণৰ পৰা কি শিক্ষা ল’লে আৰক্ষীয়ে?

Proscribed United Liberation Front of Assam (ULFA) has claimed the responsibility of the low intensity blast in Guwahati that left four injured on 13-10-18. The ULFA C-in-C Paresh Baruah called up local TV channels and confirmed the outfit’s involvement in the blast.A bomb blast rocked the busy Panbazar area, Guwahati on 13-10-18.The blast happened in the vicinity of Panbazar police station behind the Mahendra Mohan Choudhury Hospital (MMC).A few people were reported to be injured in the blast. They were shifted to MMC hospital for treatment.Four people were injured in the blast. They were Kalpa Jyoti Talukdar, Sangku Das, Taifuddin Ahmed, Binita Das.pix by ub photos

গুৱাহাটীৰ বিস্ফোৰণ থলীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া। ছবি- ইউ বি।

দুৰ্গা পূজালৈ মাত্ৰ ৩ দিন বাকী থকা অৱস্থাত গুৱাহাটীৰ মাজমজিয়াত আলফা (স্বাঃ)ৰ সামান্য বিস্ফোৰণে উদঙাই দিছে মহানগৰীৰ নিৰাপত্তাৰ বৃ্হৎ সুৰুঙা।

বিস্ফোৰণটো ঘটিছে গুৱাহাটীৰ পাণবজাৰৰ শুক্লেশ্বৰ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰেৰে যোৱা পদপথত। ঠাইটুকুৰা আৰক্ষী আয়ুক্তালয়, পাণবজাৰ আৰক্ষী থানা, জিলা আদালত, ফাঁচী বজাৰ, উপায়ুক্ত আৰু পৌৰ নিগমৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ ৫শ মিটাৰ দূৰত।

গুৱাহাটীৰ আটাইকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়ৰ পৰা ৫শ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ কাষৰে জনপথত কিদৰে বোমা বিস্ফোৰণ কৰিবলৈ পালে নিষিদ্ধ সংগঠনটোৱে?

বিস্ফোৰণৰ সময় দিনৰ ১২ বজা। সময়টো মহানগৰীৰ আটাইতকৈ ব্যস্ততম  সময়। চৰকাৰী কামত গুৱাহাটীলৈ অহা লোকৰ লগতে বজাৰ কৰিবলৈ অহা লোকৰো ভিৰ হয় সেই পথত।

শনিবাৰ বন্ধৰ দিন নোহোৱা হ’লে হতাহতৰ সংখ্যা আৰু বৃদ্ধি নাপালেহেঁতেন নে?

গুৱাহাটীত ২০০৮ চনৰ ৩০ অক্তোবৰত সংঘটিত বিভীষিকাময় চিৰিয়েল বোমা বিস্ফোৰণৰ এটা স্থান আছিল সেই এলেকাৰে জিলা আদালতৰ পাৰ্কিং স্থান। গুৱাহাটীৰ ৩টা ঠাইত হোৱা বিস্ফোৰণটোত প্ৰাণ হেৰুৱাইছিল ৪১ গৰাকীকৈ নিৰীহ ব্যক্তিয়ে। চিৰদিনলৈ ঘূণীয়া হৈছিল বহুজন।

অসমৰ ইতিহাসত নোহোৱা নোপজা সেই বিস্ফোৰণৰ পৰা কি শিক্ষা ল’লে অসম আৰক্ষীয়ে?

অসমৰ বৃ্হৎ সংখ্যক লোকৰ অন্যতম উৎসৱ দুৰ্গা পূজালৈ আছে মাত্ৰ ৩টা দিন। গুৱাহাটীত পূজাৰ ভিৰৰ কথা নিশ্চয় দোহৰাৰ প্ৰয়োজন নাই।

আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই শেহতীয়া এক সংবাদমেলত কৈছিল যে পূজা উপলক্ষে কূটাঘাতৰ আশংকাত সমগ্ৰ ৰাজ্যৰ আৰক্ষীলৈ বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ কঠোৰ “নিৰ্দেশ” দিয়া হৈছে।

অসম আৰক্ষীৰ এই নিৰাপত্তা তদাৰকীত আস্থা ৰাখিব পাৰিবনে ৰাজ্যৰ লগতে মহানগৰীৰ জনসাধাৰণে?

আলফা (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰা এই ঘটনাটোৱে গুৱাহাটীৰ লগতে ৰাজ্যজুৰি ৰাইজৰ মনত সৃষ্টি কৰিব পৰা  নিৰাপত্তাজনিত শংকাৰ নিশ্চিতভাৱে জৱাব দিব লাগিব অসম আৰক্ষীয়ে।