• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেডমিণ্টন খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু কিশোৰৰ

চাজিদ খান by চাজিদ খান
February 17, 2019 5:37 pm
Chanu Rabha

ফটো : নৰ্থ-ইষ্ট নাও

810
VIEWS
Share on FacebookShare on Twitter

এখন বেডমিণ্টন প্ৰতিযোগিতাত অংশ লৈ চানু ৰাভা ওৰফে ডেভিদ নামৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰই কৰুণ মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱা ঘটনাই সম্প্ৰতি ওদালগুৰি জিলাৰ টংলাত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

টংলা বেডমিণ্টন এছ’চিয়েশ্যনৰ উদ্যোগত যোৱা ১৫ ফেব্ৰুৱাৰি অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ এখন মেচত অৱতীৰ্ণ হৈছিল চানু ৰাভা। কিন্তু মেচখন চলি থকাৰ সময়তে চানু ৰাভা হঠাৎ অসুস্থ হৈ পৰে।

গুৰুতৰভাৱে অসুস্থ হৈ পৰা ৰাভাক লগে লগে টংলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কিন্তু পৰিয়াল তথা চানু ৰাভাৰ সহযোগীসকলে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্চে যথোচিত গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁক পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়, কিন্তু তাতো তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে অৰুণোদয় একাডেমি স্কুল, টংলাৰ দশম শ্ৰেণীত অধ্যয়নৰত চানু ৰাভা টংলাৰ চিত্ৰনগৰ নিবাসী প্ৰয়াত বিপিন ৰাভা আৰু গুণমনি ৰাভাৰ একমাত্ৰ পুত্ৰ।

ইফালে মেচখন আৰম্ভ হোৱাৰ পূৰ্বে চানু ৰাভা শাৰিৰীকভাৱে সুস্থ নাছিল বুলি জানিবলৈ দিয়ে তেওঁৰে এগৰাকী সহখেলুৱৈয়ে। ‘মেচখনত তেওঁ ভাল প্ৰদৰ্শন কৰি আছিল। কিন্তু তেওঁ মেচখনৰ পূৰ্বে খালী পেটতে এনাৰ্জি ড্ৰিংকছ লৈছিল’। এই কথা জনায় সহ খেলুৱৈগৰাকীয়ে।

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd