মাতৃৰ সন্মুখতে কিশোৰী কন্যাক দলবদ্ধ ধৰ্ষণ পাঁচ দুৰ্বৃত্তৰ: দুই অভিযুক্তক আটক

gang-rape

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ধৰ্ষণৰ দৰে নিকৃষ্ট ঘটনাক লৈ নাৰীৰ নিৰাপত্তাৰ প্ৰতি উদ্বিগ্ন হোৱাৰ সময়তে আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ঝাৰখণ্ড। ঝাৰখণ্ডৰ দেওঘৰ জিলাত এগৰাকী কিশোৰীক তেওঁৰ মাতৃৰ সন্মুখতে পাঁচ দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনৰ এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দুমকা জিলাৰ বাসিন্দা দুই মাতৃ-কন্যাই দেওঘৰৰ এক অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে মধুপুৰ নামৰ এক অঞ্চলত আক্ৰমণৰ সন্মুখীন হৈছিল।

অভিযোগ অনুসৰি, দুখন মটৰচাইকেলত থকা পাঁচগৰাকী লোকে তেওঁলোক দুয়োকে পথত আগভেটি ধৰে আৰু কিশোৰীগৰাকীক বলপূৰ্বক টানি নিয়ে।

ব্যক্তি কেইগৰাকীৰ এই কাৰ্যত তেওঁৰ মাতৃয়ে বাধা দিবলৈ চেষ্টা কৰে। কিন্তু দুৰ্বৃত্ত কেইগৰাকীয়ে তেওঁক প্ৰহাৰ কৰি মাটিত বগৰাই দিয়ে আৰু তাৰ পিছতে কিশোৰীগৰাকীক তেওঁৰ সন্মুখতে উপৰ্যুপুৰি ধৰ্ষণ কৰে।

কিশোৰীগৰাকীৰ মাতৃয়ে পিছত স্থানীয় আৰক্ষী চকীত এক অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগ অনুসৰি আৰক্ষীয়ে অনুসন্ধান চলাই দুই অভিযুক্তক আটক কৰে।

অভিযুক্ত আন তিনিগৰাকী দুৰ্বৃত্তৰ সন্ধান চলাই থকা হৈছে বুলি দেওঘৰৰ আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাটে জানিবলৈ দিয়ে। অভিযোগৰ তদন্ত কৰিবলৈ দেওঘৰ আৰক্ষীয়ে এটা বিশেষ তদন্ত দল (SIT) গঠন কৰিছে জাটে লগতে কয়।

ঘটনা সন্দৰ্ভত তেওঁ লগতে উল্লেখ কৰা মতে ইতিমধ্যে কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে। পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে কয়।