• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিৰাঙত ধৰ্ষণ কৰি হত্যা নাবালিকাক, উদ্ধাৰ মৃতদেহ

অৰুজ খুংগুৰ গয়াৰী by অৰুজ খুংগুৰ গয়াৰী
March 15, 2019 2:20 pm
IMG_20190314_113309-750x375

নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থলীত আৰক্ষী। ফটো : নৰ্থইষ্ট নাও

976
VIEWS
Share on FacebookShare on Twitter

চিৰাঙৰ ছিদলী আৰক্ষী থানাৰ অধীনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ছিদলীৰ নুমলপুৰৰ ককাক-আইতাকৰ সৈতে থকা নাবালিকাগৰাকী বুধবাৰে সন্ধিয়াৰে পৰা ঘৰলৈ উভতি অহা নাছিল।

ছিদলীৰ বাসিন্দাসকলে তাইক বিচাৰি চাৰিওফালে চলাথ কৰিছিল যদিও তাইক ক’তো বিচাৰি পোৱা নাছিল।

বৃহস্পতিবাৰে পুৱা গাঁৱৰ এজন লোকে ছিদলী নদীৰ পাৰলৈ গৰু চৰাবলৈ যাওতে এটা সন্দেহজনক মৃতদেহ প্ৰত্যক্ষ কৰে। তেওঁ মৃতদেহটো নাবালিকাগৰাকীৰে হ’ব পাৰে বুলি সন্দেহ কৰি ততাতয়াকৈ আৰক্ষীক খৱৰ দিয়ে।

আৰক্ষী আৰু গাওঁবাসীয়ে মৃতদেহটো নাবালিকাৰ বুলি চিনাক্ত কৰে। উদ্ধাৰ কৰাৰ সময়ত নাবালিকাৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট আছিল।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিতং তদন্তৰ বাবে কেইজনমান সন্দেহযুক্তক আটক কৰি অনা হৈছে।

স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে নাবালিকাগৰাকীক বহু সময় ধৰি শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল আৰু ছিদলী ব্লক কাৰ্যালয়ৰ সমীপত কাম কৰি থকা শ্ৰমিকসকলে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীয়ে মৃতদেহটোৰ কাষত উদ্ধাৰ কৰা কাপোৰখিনি সেই অভিযুক্তৰ বুলি সন্দেহ কৰিছে। তালাচী অভিযানৰ বাবে স্নিফাৰ ড’গ লগোৱা হৈছে আৰু উদ্ধাৰ হোৱা প্ৰমাণসমূহ জিম্মাত ৰখা হৈছে।

চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে মৃত নাবালিকাগৰাকীৰ অভিভাৱকৰ আগত অভিযুক্তক আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

IMG_20190314_113258

পৰ্যটন আৰু ভৈয়াম জনজাতি তথা অন্যান্য পাছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই তেওঁৰ সমষ্টিতে সংঘটিত হোৱা ঘটনাটোৰ খৱৰ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। ব্ৰহ্মই পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক ন্যায় প্ৰদানৰ   লগতে কঠোৰ শাস্তিৰ বাবে অপৰাধীক কৰায়ত্ত্ব কৰাত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd