বিজেপি শাসিত ৰাজ্যত নাবালিকাক দলবদ্ধ ধৰ্ষণ, গাড়ীৰ পৰাই দলিয়াই দিলে ধৰ্ষিতাক

পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি গাড়ীৰ পৰাই দলিয়াই পেলাই দিয়াৰ দৰে জঘন্য কাণ্ড পোহৰলৈ আহিছে।

এই জঘন্য কাণ্ডটো ত্ৰিপুৰাত সংঘটিত হৈছে। শুকুবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে দক্ষিণ ত্ৰিপুৰাত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি গাড়ীৰ পৰা পেলাই দিয়া হয়।

যোৱা বুধবাৰে টেপানিয়া ইক’-পাৰ্কত সংঘটিত হয় এই ঘটনাটো। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মূল অভিযুক্ত ২১ বছৰীয়া যুৱকজনে কিশোৰীগৰাকীৰ সৈতে ফেচবুকত বন্ধুত্ব স্থাপন কৰিছিল।

ইয়াৰ পাছতে মূল অভিযুক্তই ১৭ বছৰীয়া কিশোৰীগৰাকীক টেপানিয়া ইক’ পাৰ্কত’ লগ ধৰিবলৈ মাতে। মূল অভিযুক্তৰ সৈতে আৰু দুই যুৱকে তাৰ পৰাই কিশোৰীগৰাকীক ঘন জংঘলৰ ভিতৰলৈ নি দলৱদ্ধ ধৰ্ষণ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অভিযুক্ত যুৱককেইজনে কিশোৰীগৰাকীৰ আপত্তিজনক কিছু ফ’টোও তোলে। ইয়াৰ পাছতে ঘৰলৈ ওভতি অহাৰ পথত ৰাজাৰবাগ নামৰ অঞ্চলত কিশোৰীগৰাকীক গাড়ীৰ পৰা পেলাই দি তীব্ৰ গতিৰে পলায়ন কৰে অভিযুক্তকেইজন।

জানিব পৰা মতে বিগত ছমাহ ধৰি কিশোৰীগৰাকীৰ সৈতে মূল অভিযুক্তই ফেচবুকত বন্ধুত্ব কৰি বাৰ্তালাপ কৰি আহিছিল। কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা মতে যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখিছিল।

ইতিমধ্যে আৰক্ষীয়ে এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অন্য দুই অভিযুক্ত বৰ্তমান পলাতক আৰু তেওঁলোকক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।  

ইফালে এই জঘন্য ঘটনাক ত্ৰিপুৰা মহিলা আয়োগৰ অধ্যক্ষ বৰ্ণালী গোস্বামীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

“আমি দেখি আহিছো যে কিশোৰীসকলক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে যুৱকে লক্ষ্য কৰি লৈছে। আমি ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্কুল আৰু কলেজত অধ্যয়নৰত যোৱা কিশোৰী-যুৱতীক বন্ধুত্বৰ কুপ্ৰভাৱৰ বিষয়ে সজাগ কৰি তুলিব লাগিব।” অধ্যক্ষ বৰ্ণালী গোস্বামীয়ে সাংবাদিকৰ আগত কয়।