ৰাজ্যত পুনৰ কিশোৰীক ধৰ্ষণ : কোকৰাঝাৰত ৮ বছৰ ধৰি কিশোৰীক ধৰ্ষণ অসম আৰক্ষীৰ এগৰাকী বেটেলিয়নৰ

Gangraped

ৰাজ্যত অন্য এক জঘন্য ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে |

এই জঘন্য ঘটনা ঘটিছে কোকৰাঝাৰত। জানিব পৰা মতে কোকৰাঝাৰ চৰাইখলাস্থিত 7 APBnৰ কৰ্মৰত এজন নাপিতে এগৰাকী ১৭ বছৰ বয়সৰ তথা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক ৮ বছৰ ধৰি ধৰ্ষণ কৰি অত্যাচাৰ কৰা ঘটনা পোহৰলৈ আহিছে।

7 APBnৰ নাপিত চভা ঠাকুৰে প্ৰায় ৮ বছৰ ধৰি ধৰ্ষণৰৰ অত্যাচাৰক সহ্য কৰিব নোৱাৰি আত্মহননৰ চেষ্টা কৰাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ চাঞ্চল্যকৰ ঘটনাটো।

ইতিমধ্যে ছাত্ৰীগৰাকীয়ে এই অত্যাচাৰক সহ্য কৰিব নোৱাৰি আত্মহননৰ চেষ্টা চলাইছিল। জানিব পৰা মতে কিশোৰীগৰাকীৰ সতীয়া পিতৃয়ে সমগ্ৰ ঘটনা জানিও নজনাৰ ভাও ধৰি আহিছিল।

সমগ্ৰ ঘটনাটো নিজৰ বান্ধৱীক সামাজিক মধ্যম হোৱাটচএপত প্ৰকাশৰ পিছতে পোহৰলৈ আহে। দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ হৈ সহায় বিচাৰি নিজৰ এগৰাকী বান্ধৱীয়ে প্ৰকাশ কৰে সমগ্ৰ ঘটনাটো।

ইতিমধ্যেই কোকৰাঝাৰ আৰক্ষীয়ে Case no. 373/2021, U/S – 376 AB I.P.C R/W section.- 4/7 POCSO Act 2012 গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চভা ঠাকুৰক।