NORTHEAST NOW (Assamese)

ডুমডুমাত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল কিশোৰীৰ: বন বিভাগক জগৰীয়া স্থানীয় বিধায়কৰ

November 27, 2023 6:29 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনিচুকীয়াৰ ডুমডুমাত আজি দিনৰ ভাগত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। জংঘলৰ পৰা ওলাই অহা এক বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱাইছে এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে।

কিশোৰীগৰাকী পৰিয়ালৰ সৈতে এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতি আহি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়।

পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ পিছতে বন বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু কিশোৰীগৰাকীক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসালয়ত কিশোৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে ছোৱালীজনীক। এই ঘটনাৰ পিছতে ক্ষোভিত গাঁওবাসীয়ে বনবিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বন্যহস্তীৰ সমস্যা সমাধানত বন বিভাগ চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অঞ্চলটো উত্তাল কৰি তোলে স্থানীয় লোকসকলে।

ইফালে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। বিধায়কগৰাকীয়ে এই ঘটনাৰ বাবে বন বিভাগক জগৰীয়া কৰি তীব্ৰ সমালোচনা কৰে।

Related News