NORTHEAST NOW (Assamese)

মহানগৰীত শিক্ষকৰ যৌন নিৰ্য্যাতনৰ বলি নাবালিকা ছাত্ৰী : পলাতক অভিযুক্ত শিক্ষক

March 9, 2019 10:14 pm · কল্পজ্যোতি শইকীয়া
লম্পট শিক্ষক তপন বৰ্মণ।

গুৱাহাটীৰ হেঙেৰাবাৰীৰ লিচু বাগানত সংঘটিত হৈছে এক যৌন নিৰ্য্যতনৰ ঘটনা। টিউশ্যন মাষ্টৰৰ হাতত নিৰ্য্যাতিত হ’ল এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰী।

ঘটনাৰ বিবৰণী অনুসৰি শুকুৰবাৰে পুৱা ৬ মান বজাত শিক্ষকজনৰ ঘৰত ইংৰাজী বিষয়ৰ টিউশ্যন কৰিবৰ বাবে গৈছিল ছাত্ৰীগৰাকী। কোনো নথকাৰ সুযোগ লৈ লম্পট শিক্ষকজনে কিশোৰীগৰাকীক যৌন নিৰ্য্যাতনৰ চেষ্টা চলায়। কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত শিক্ষকজনে সেই ঘৰ এৰি পলায়ন কৰে।

লম্পট শিক্ষকজনৰ নাম তপন বৰ্মণ আৰু তেওঁ হেঙেৰাবাৰীস্থিত চিটী পাব্লিক স্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক। জানিব পৰা মতে নলবাৰীৰ শিক্ষকজনে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰৰ কাষতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছিল। লগতে যোৱা ৩ মাহৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক টিউশ্যন কৰাই আহিছিল বুলি ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে জানিবলৈ দিয়ে।

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পাছত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দিচপুৰ থানাত লম্পট শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ (১০ পস্ক’ আইন)ৰ অধীনত ৭১৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে।

ইপিনে, দিচপুৰ থানাত গোচৰ দিয়াৰ পাছত ভুক্তভোগী কিশোৰীগৰাকীৰ খুৰায়েকৰ মোবাইললৈ লম্পট শিক্ষকজনে ফোন কৰি ঘটনাৰ বাবে ক্ষমা খোজে। ‘মোৰ ভুল হৈ গ’ল, ক্ষমা কৰি দিব। মই দৰকাৰ হ’লে নিজেই থানাত যাম, কেচটো উঠাই লওঁক।‘ এইদৰে কিশোৰীৰ খুৰায়েকক কয় শিক্ষকজনে।

আনহাতে, শনিবাৰে শিক্ষকজনক গণেশগুৰি অঞ্চলত এখন স্কুটীৰ সৈতে  কিশোৰীজনীৰ খুৰায়েকে দেখা পাই তেওঁৰ অট’ৰে পিছ লয় শিক্ষকজনৰ। শিক্ষকজনে ‘চিটী পাব্লিক স্কুলৰ ওচৰত স্কুটীখন ৰখাই স্কুলত প্ৰবেশ কৰিব ধৰোতেই খুৰায়েকে তেওঁক ধৰিবলৈ চেষ্টা কৰে যদিও তেওঁ উক্ত স্থানৰ পৰা বিদ্যালয়খনৰ ভিতৰৰে পলাই যায়।

ইপিনে, উক্ত বিদ্যালয়খনৰ অধ্যক্ষ অতুল সিনহা সেইসময়তে বিদ্যালয়ৰ গেট বন্ধ কৰি খুৰায়েকজনক প্ৰবেশত বাধা দিব বিচৰা বুলি অভিযোগ তোলে কিশোৰীগৰাকীৰ খুৰায়েকে। তেওঁ ততাতৈয়াকৈ দিচপুৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে সোধ-পোচৰ বাবে দিচপুৰ থানালৈ অধ্যক্ষ সিনহাক লৈ আহে। লগতে দিচপুৰ আৰক্ষীয়ে এ.এছ০১দি টি ১৪৫৬ নম্বৰৰ স্কুটীখনো জব্দ কৰি থানালৈ লৈ আহে।

কিশোৰীগৰাকীৰ মাতৃয়ে বিদ্যালখনৰ অধ্যক্ষই লম্পট শিক্ষকজনক পলাবলৈ সহায় কৰাৰ অভিযোগ তোলে যদিও এই কথা মানি নলয় অধ্যক্ষ জনে।

বৰ্তমানো পলাতক লম্পট তপন বৰ্মণৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে দিচপুৰ আৰক্ষী।

Related News