প্ৰথমবাৰৰ বাবে মুখ্য মন্ত্ৰীৰ টুইটাৰ চলাব এগৰাকী কিশোৰীয়ে

বন্দনা ওৰাং

প্ৰথমবাৰৰ বাবে অসমৰ মুখ্য মন্ত্ৰীৰ টুইটাৰ একাউণ্ট এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ হাতত অৰ্পন কৰা হ’ব।

শিশু সবলীকৰণ আৰু অংশগ্ৰহণক সমৰ্থন কৰাৰ উদ্দেশ্যৰে প্ৰতীকীভাৱে মুখ্য মন্ত্ৰী সোণোৱালৰ টুইটাৰ একাউণ্টটো এগৰাকী কিশোৰীক অৰ্পন কৰা হ’ব।

ডিব্ৰুগড় জিলাৰ নামৰূপ চাহ বাগিচাৰ বন্দনা ওৰাং নামৰ যুৱতী গৰাকীক শুকুৰবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ দুঘণ্টাৰ বাবে মুখ্য মন্ত্ৰীৰ টুইটাৰ একাউণ্টটো অৰ্পন কৰা হ’ব।

সেই সময়ত বন্দনা ওৰাঙে মুখ্য মন্ত্ৰীৰ টুইটাৰ একাউণ্টত মহামাৰীৰ পাছত অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিজৰ মনোভাৱ তুলি ধৰিব।

বন্দনা ওৰাং নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ  প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী।

আনহাতে, উক্ত সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ উপৰিও ভালেসংখ্যক অসমৰ নেতাৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব।

সোণোৱালে শিশু সৱলীকৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।