জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত বিজেপি কৰ্মীৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মীৰা বৰঠাকুৰ

Mira Barthakur

মীৰা বৰঠাকুৰ। ফটো : নৰ্থইষ্ট নাও

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত অসমৰ চাৰিওফালে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা ঘোষণা কৰে মীৰা বৰঠাকুৰে। তাৎপয্যপূৰ্ণভাৱে তেওঁক এইক্ষেত্ৰত বিজেপিৰ বহু লোকে সহায় কৰিব বুলিও নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ৫ চেপ্টেম্বৰৰ দিনা বিজেপিৰ প্ৰশান্ত গোস্বামী নামৰ ৰাজ্যিক বিষয়ববীয়াজনে হোৱাটছএপ মেচেজৰ জৰিয়তে মীৰা বৰঠাকুৰলৈ বহিস্কাৰৰ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই কথা মানি ল’ব খোজা নাছিল বৰঠাকুৰে। তেওঁ বিজেপিৰ সৈতে থাকিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ কথা উল্লেখ কৰিছিল।

‘’বিজেপিৰে বিভিন্ন কৰ্মীয়ে মোক বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাত সহায় কৰিব । বিভিন্ন জাতীয়তাবাদী সংগঠনো ইয়াৰ সৈতে জৰিত হ’ব,‘’-নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় বৰঠাকুৰে।

ৰাজ্যসভাত এই বিলখন পাছ হ’লে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনাব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে বৰঠাকুৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হৈ থকাৰ পাছতো সৰ্বানন্দ সোণোৱালৰ নীৰৱ ভুমিকাক লৈয়ো সৰব হৈ পৰে বৰঠাকুৰ।

‘’সৰ্বানন্দ সোণোৱাল একেবাৰে মেৰুদণ্ডহীন, কোনো সিদ্ধান্ত ল’ব নোৱাৰা, দিল্লীৰ পুতলা মুখ্য মন্ত্ৰী,‘’-সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এইদৰে কয় বৰঠাকুৰে।

তদুপৰি, ‘’যদি তিলমানো সন্মান আছে, সোণোৱালে জাতীয় মুকুটটো ঘূৰাই দিব লাগে‘’ বুলি মন্তব্য কৰি বৰঠাকুৰে লগতে কয়, ‘’সোণোৱালে জাতীয় নায়কৰ কোনো ভূমিকাই পালন কৰিব পৰা নাই।‘’

বৰঠাকুৰৰ মতে ‘’হিমন্ত বিশ্ব শৰ্মাক বেয়া পাবলগীয়া একো নাই, তেওঁ গোটেই জীৱনটোৱে ৰাজনীতি কৰিয়ে কটালে।‘’

‘’হিমন্ত বিশ্বৰ পৰা আশা নকৰাটো ৰাইজে সৰ্বানন্দ সোণোৱালৰ পৰা আশা কৰিছিল। কিন্তু সোণোৱালে চকু মুদা কুলিৰ ভাও জুৰিলে,’’- মুখ্য মন্ত্ৰী সোণোৱালক এইদৰে কটাক্ষ কৰে বৰঠাকুৰে।

ইপিনে, ছ’চিয়েল মিডিয়াত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰাৰ পাছতো তেওঁ ‘কোনো কেৰেপ কৰা নাই’ বুলি উল্লেখ কৰি বৰঠাকুৰে লগতে কয়, ‘’সৰ্বানন্দ সোণোৱালৰ একো কথাই গাত নালাগে, তেওঁ গঁড়ৰ ছালৰ দৰে। তেওঁক গাদীখন আৰু টকা লাগে। তেওঁক তীব্ৰ ভাষাৰে গৰিহনা দিছো।‘’

তদুপৰি, বিজেপিৰ উচ্চস্তৰীয় নেতাসকলে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰৰো একোৱেই বৰ্তমানলৈকে পালন কৰা নাই বুলিও মন্তব্য কৰে বৰঠাকুৰে।

‘’১৬ মে’ৰ পাছত সকলো বাংলাদেশী যাব লাগিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া অহাৰ বাটটোহে মুকলাই দিলে,’‘-এইদৰে কয় বৰঠাকুৰে।

ইপিনে, কালি বিজেপিৰ পৰা শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি অনুপম বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ পৰা মেহদি আলম বৰাই পদত্যাগ কৰাক কেন্দ্ৰ কৰি বৰঠাকুৰে কয়, ‘’কেৱল অনুপম বৰুৱা আৰু মেহদি আলম বৰাই নহয়, আজি টীয়কতো বহুকেইজনে বিজেপি ত্যাগ কৰিব। বিজেপিৰ পৰা অসমৰ বহু ঠাইৰ পৰাই পদত্যাগ কৰিব।‘‘

‘’বিজেপিয়ে জাতি মাটি ভেটিৰ কথা কৈ ক্ষমতালৈ আহি তেওঁলোকক ক্ষমতাই মূৰত ধৰিছে আৰু গুৰু-গোঁসাই নমনা হৈছে। আগন্তুক নিৰ্বাচনত বিজেপিয়ে অতি সোনকালে ফলাফল পাব,’‘-বিজেপিৰ নেতাসকলক উদ্দেশ্যি বৰঠাকুৰে এইদৰে কয়।

তদুপৰি, অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাক কেন্দ্ৰ কৰিও আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মীৰা বৰঠাকুৰে।

‘অগপই উপায়ন্তৰ হৈ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছে। তেওঁলোকে উপলব্ধি কৰিলে যে, জনসাধাৰণৰ লগত নাথাকিলে তেওঁলোক ধুলিসাৎ হৈ যাব। অসমৰ জনগণে কেশৱ মহন্ত আৰু অতুল বৰাৰ পৰা কিবা পাব যে আশা নকৰো,’‘-এইদৰে কয় বৰঠাকুৰে।