NORTHEAST NOW (Assamese)

ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ পাছতো পদক বঞ্চিত মীৰাবাই চানু

April 22, 2019 8:59 pm · এন ই নাও নিউজ
Updated: April 22, 2019 9:05 pm
মীৰা বাঈ চানুৰ ফাইল ফটো।

চীনৰ নিংগবোত অনুষ্ঠিত হৈ থকা এচিয়ান ভাৰত্তোলন চেম্পিয়নশ্বিপত পদকৰ পৰা বঞ্চিত হয় বিশ্ব চেম্পিয়ন আৰু কমনৱেলথ গেইমছৰ সোণৰ পদক বিজয়ী ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাই চানু।

উত্তৰ-পূবৰ মণিপুৰৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিলেও পদক দখল কৰিবলৈ সক্ষম নহ’ল। দেওবাৰে অনুষ্ঠিত ৪৯ কেজিৰ শাখাত চানুৱে চতুৰ্থ স্থান অধিকাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি চানুৱে প্ৰতিযোগিতাখনত স্নেটচত ৮৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১১৩ কেজি উত্তোলনেৰে সৰ্বমুঠ ১৯৯ কেজি ভাৰ উত্তোলন কৰিবলৈ সক্ষম হৈছিল।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত থাইলেণ্ডত অনুষ্ঠিত হোৱা ই জি এ টি কাপত চানুৱে ১৯২ কেজি ভাৰ উত্তোলনেৰে ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত চীনৰ হৌ জিহুই মুঠ ২০৮ কেজি ভাৰ উত্তোলন কৰি সোণৰ পদক দখল কৰে।

ককালৰ বিষৰ বাবে প্ৰায় চাৰিমাহ খেলৰ পৰা আঁতৰি থকা চানুৱে ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে। বৰ্তমান তাৰকা ভাৰোত্তোলকগৰাকী সম্পূৰ্ণৰূপে সুস্থ।

Related News