গণেশগুৰিত দুষ্ট চক্ৰই কিয় ফালিলে সুদৰ্শন থিয়েটাৰৰ বৃহৎ বেনাৰ?

নাট্যকাৰ পবন পল্লবে ‘বিষ্ণু যজ্ঞ’ নামৰ নাটকখনৰ জৰিয়তে দেশৰ এচাম ধুৰন্ধৰ ৰাজনীতিকিৰ মুখাৰ আঁৰৰ মুখ সমাজৰ আগত নগ্নৰূপত উদঙাই দিয়াৰ বাবে এক দুষ্ট চক্ৰৰ আক্ৰোষৰ বলি হ’ব লগা হৈছে সুদৰ্শন থিয়েটাৰ।

কাৰিকৰী কৌশলৰ চমক সমৃদ্ধ এই নাটখন চাবলৈ উজনি-নামনিৰ বহু পেণ্ডেলত নাট্যপ্ৰেমী ৰাইজে হেতা-ওপৰা লগোৱাৰ উপৰি ধুৰন্ধৰ ৰাজনীতিকৰ চৰিত্ৰক লৈয়ো সৰৱ হৈ পৰা দেখা গৈছিল।

পবন পল্লবৰ এই নাটখনিয়ে অহা ২৪, ২৫, ২৬ অক্টোবৰত সুদৰ্শন থিয়েটাৰৰ গণেশগুৰিৰৰ পেণ্ডেলতো ব্যাপক খলকনি তোলাৰ সম্ভাবনা আছে। দিছপুৰৰ ৰাজনৈতিক মহলতো নাটক খনকলৈ চলিছে সৰৱ আলোচনা।

ইয়াতে ভয় খাই নিজৰ চৰিত্ৰ ওলাই পৰাৰ ভয়ত এক দুষ্ট চক্ৰই সুদৰ্শন থিয়েটাৰক গণেশগুৰিত প্ৰদৰ্শনত বাধা দিয়াৰ অভিপ্ৰায়েৰে থিয়েটাৰখনে প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা কেবাখনো বেনাৰ-পোষ্টাৰ নিশাৰ ভাগত ফালি পেলোৱাৰ লগতে উঠাই লৈ যায়।

গণেশগুৰিত লগোৱা সুদৰ্শন থিয়েটাৰৰ বৃহৎ বেনাৰ এখনো কালি নিশাৰ ভাগত দুষ্ট চক্ৰই উঠাই নিয়ে। এই ঘটনাত সুদৰ্শন থিয়েটাৰ গোষ্ঠীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাটোৱে নাটকখনৰ জনপ্ৰিয়তাকে সুচাইছে বুলিও উল্লেখ কৰে।

আনহাতে কাৰো ৰঙা চকুলৈ ভয় নকৰি অহা ২৫ অক্টোবৰত গণেশগুৰিৰ পেণ্ডেলত ‘বিষ্ণু যজ্ঞ’ নাটকখন তিনিটাকৈ দৰ্শনীত প্ৰদৰ্শন কৰা হ’ব বুলি থিয়েটাৰ গোষ্ঠীয়ে জানিব দিছে।