মুকালমুৱাত চোকা অস্ত্ৰৰে সাংবাদিকক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

Rajen Deka

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

দৈনিক অসম কাকতৰ মুকালমুৱাৰ স্থানীয় সাংবাদিক ৰাজেন ডেকাক বৃহস্পতিবাৰে নিশা এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত বেয়াকৈ আহত হোৱা সাংবাদিকগৰাকীৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা সাংবাদিকগৰাকীয়ে নিজৰ ঘৰলৈ উভটি অহাৰ পথত দুৰ্বৃত্তৰ দলটোৱে বেয়াকৈ মাৰধৰ কৰি পথৰ কাষত পেলাই থৈ যায়।

আঘাতপ্ৰাপ্ত ডেকাক লগে লগে মুকলমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন হৈ থকা ডেকা সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।

ইফালে ঘটনা সম্পৰ্কত মুকলমুৱা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি দুৰ্বৃত্তৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ সাংবাদিকগৰাকীক পিছফালৰ পৰা চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। যাৰ বাবে মূৰ আৰু হাতৰ কেইবাটাও অংশত গুৰুতৰ আঘাত পাইছিল দৈনিক অসম কাকতৰ সাংবাদিকগৰাকীয়ে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে যদিও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো লোককে চিনাক্ত বা আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে সাংবাদিকৰ ওপৰত কৰা এনে বৰ্বৰ আক্ৰমণক নলবাৰী প্ৰেছ ক্লাব, নলবাৰী সাংবাদিক সন্থা, বৰক্ষেত্ৰী ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে ধিক্কাৰ জনাইছে।