NORTHEAST NOW (Assamese)

ভোগালীৰ উৰুকাৰ মাজতে নিৱনুৱাৰ সপোন চাৰখাৰ; কৃষকৰ খেতি-সামগ্ৰী ধ্বংস দুৰ্বৃত্তৰ,৫লাখ টকাৰ ক্ষতি

January 15, 2022 7:45 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
Updated: January 15, 2022 7:52 am
ফটো: নৰ্থইষ্ট নাও।

ভোগালীৰ উৰুকাৰ আনন্দ উৎসাহৰ মাজতে নিশা মাৰ্ঘেৰিটাত সংঘটিত এক ঘটনাই  ব্যাপক প্ৰতিক্ৰিয়াৰ সৄষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ডিবং ফাঁকিয়াল নিৱাসী টংক বাহাদুৰ ছেত্ৰীৰ খেতি পথাৰত নিশা কোনো দুৰ্বৃত্তই লুটপাত চলাই সম্পূৰ্ণ ৰূপে খেতি ধ্বংস কৰি পেলায়।

নিৱনুৱা যুৱকজনে জানিবলৈ দিয়া মতে লিজত লৈ তেওঁ ১৪ বিঘা মাটিত শাক পাচলি খেতি কৰিছিল। বহু লোকৰ পৰা ধাৰ-ঋণ লৈ কৃষি কৰ্ম কৰিছিল।

দুৰ্বৃত্তই পথাৰখনত থকা মটৰমাহ, বীন, বেঙেনা, ৰঙালাও, ধনীয়াকে ধৰি সকলোবোৰ গছ উঘালি মেলি ধ্বংস কৰি পেলায়।

লগতে পঢ়ক: ভোগালীৰ উছাহৰ মাজতে ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ কিমান আক্ৰান্ত?

আনহাতে, কৄষি পথাৰখনৰ সীমাৰ বেৰা ভাঙি পেলোৱাৰ লগতে এখন পাৰ্ৱাৰটিলাৰ, পানী পাম, এটি বাঁহৰ পাতৰ গৃহ আদিয়ো ভাঙি থৈ যায়।

নিৱনুৱা যুৱ কৄষকজনে জানিবলৈ দিয়া অনুসৰি খেতি সামগ্ৰী তথা ফচলসহ তেওঁৰ প্ৰায় ৫ লাখ টকাৰ লোকচান হৈছে।

দুৰ্ভগীয়া কৃষকজনে এতিয়া মুৰে কপালে হাত দিব লগীয়া অৱস্থা হৈছে।

Related News