NORTHEAST NOW (Assamese)

ৰখাই থোৱা গাড়ীৰ পৰা আইনা ভাঙি মূল্যৱান সামগ্ৰী লৈ উধাও দুষ্কৃতিকাৰী

July 17, 2023 3:09 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীবাসী সাৱধান। সম্ভাৱনা আছে যে আপুনি নথকা সময়ত দুৰ্বৃত্তই বাহনত এৰি থৈ যোৱা আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ চুৰি কৰিব পাৰে।

সোমবাৰে গুৱ্হাটীৰ এগৰাকী সাংবাদিকৰ গাড়ী ৰখাই থোৱা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গাড়ীৰ আইনা ভাঙি নগদ ধন আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা বেগ এটা চুৰি কৰি লৈ যায়।

সোমবাৰে বিয়লি দিনৰ পোহৰতে সংঘটিত হয় এই ঘটনা। চান্দমাৰীৰ ব্যস্ত ৰাজপথৰ দাঁতিৰ পৰাই চোৰে চুৰি কৰি নিয়ে সামগ্ৰীখিনি। সূত্ৰ অনুসৰি দুষ্কৃতিকাৰীয়ে নগদ ৫৪ হাজাৰ টকা আৰু বেগত থকা কিছু নথি-পত্ৰ লৈ যায়।

অনুমান কৰা হৈছে যে ইটা ব্যৱহাৰ কৰি গাড়ীখনৰ পিছফালৰ খিৰিকীখন ভাঙি দিয়া হৈছিল।

এই ঘটনাৰ ভুক্তভোগী মৃদুল প্ৰতিম ডেকা নামৰ এগৰাকী সাংবাদিক।

ইতিমধ্যে স্থানীয় আৰক্ষীক এই বিষয়ে গোচৰ দিয়া হৈছে।

Related News