• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬ নং দফাৰ দুৰ্দশা

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
February 29, 2020 6:28 pm
index

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় সমিতিয়ে মুখ্য মন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ মুহূৰ্তত।

3.6k
VIEWS
Share on FacebookShare on Twitter

১৯৩৭ খ্ৰীষ্টাব্দত ‘আৱাহন’ আলোচনীৰ ৮ ম বছৰ ১১ নং সংখ্যাত শ্ৰীযুত পি দাসৰ ‘অসমৰ পমুৱা সমস্যা আৰু লাইন প্ৰথা’ শীৰ্ষক ৰচনাখন প্ৰকাশ পাইছিল। স্বাধীনতাৰ আগৰেপৰা যে অসমৰ থলুৱা লোকসকলে ব্যাপক প্ৰব্ৰজনৰ পৰিণতিত অস্তিত্বৰ সংকটত ভুগিছিল আৰু এক বিধিগত সুৰক্ষা বিচাৰিছিল সি এই ৰচনাখনত খুব ভালদৰে প্ৰকট হৈছিল। অসমৰ থলুৱালোকৰ মহানুভৱতা আৰু সৰলতাৰ সুযোগ লৈ প্ৰব্ৰজনকাৰীসকলে অসমৰ থলুৱা লোকসকলক নিজ গৃহভূমিতে কেনেদৰে নিঃশেষ কৰিবলৈ বিচাৰিছিল তাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত হৈছিল বিগত শতিকাৰ ত্ৰিশৰ দশকত প্ৰকাশ পোৱা এই ৰচনাত। ৰচনাখনৰ এঠাইত উল্লেখ আছে— “দৰাচলতে পৃথিৱীৰ কোনো দেশতে বিদেশীক ইমান সুবিধা দিয়া নহয়। ছিলোনত লোকসংখ্যা প্ৰায় ৫৬ লাখ আৰু ভাৰতীয় সংখ্যা ৮ লাখ অৰ্থাৎ গোটেই লোকসংখ্যাৰ সাত ভাগৰ এভাগ অথচ তাত ভাৰতবাসীয়ে নানান অসুবিধা ভোগ কৰে। বেছিভাগ ঠাইত ভোটৰ ক্ষমতা নাপায়। চাকৰি-বাকৰিতো তেনে ব্যৱস্থাই। ব্ৰহ্মদেশত হাজাৰ হাজাৰ বৰ্গমাইল মাটি এনেয়ে পৰি আছে। তাত প্ৰতি বৰ্গমাইলত ৬৩ জন লোকৰ বাস। অসম উপত্যকাৰ তুলনাত একোৱেই নহয়। কিন্তু তথাপি তালৈ বিদেশী গ’লে ভীষণ গোলমালৰ সৃষ্টি হয়। তাত ভাৰতীয়ৰ সংখ্যা মুঠ লোক-সংখ্যাৰ প্ৰায় দহ ভাগৰ এভাগ; কিন্তু ভাৰতৰ মানুহে তাত মাটি-বাৰী ল’ব ধৰাত তাক বন্ধ কৰিবলৈ ভীষণ আন্দোলন হয়। শেষত এনে অৱস্থা পালেগৈ যে, ভাৰতীয়ৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰি অসংখ্য মানুহক ধনে-প্ৰাণে বধ কৰিলে। এইবিলাক ঘটিছিল ব্ৰহ্মদেশ যেতিয়া ভাৰতৰ ভিতৰত এখন প্ৰদেশ আছিল। অসমীয়াৰ অৱস্থা যে, তাতকৈও বেয়া; কিন্তু সিবিলাকৰ তুলনাত আমাৰ মানুহে একোৱে কৰা নাই। ভাৰতৰপৰা বাহিৰ হৈ গৈ স্বতন্ত্ৰ হোৱাৰ কাৰণৰ ভিতৰত এইটো অন্যতম,— বঙ্গ দেশত প্ৰায় ২০ লাখ ইমিগ্ৰেণ্ট [Immigrant]বা বিদেশী আছে,  কিন্তু বঙ্গ দেশে এই  মানুহবিলাকক কোনো বিষয়তে একো স্বত্ব [right] সুবিধা দিয়া নাই। কিন্তু আমাৰ আগত এইবিলাক মানুহেই  বিশ্ব-প্ৰেম আৰু ভাৰতীয় ভাতৃ-প্ৰেমৰ আদৰ্শ দেখুৱায়। পৃথিৱীৰ কোনো দেশতে হাজাৰ হাজাৰ ইমিগ্ৰেণ্টক আমাৰ ইয়াৰ দৰে অবাধে আহিবলৈ দিয়াটো নহয়েই, এনেকি এজন দুজন হ’লেও পৰীক্ষাৰ পিছতহে আহিবলৈ দিয়া হয়।……….. যদি অসমীয়াই এটি সুকীয়া জাতি হিচাবে জীয়াই থাকিব খোজে, যদি অসমৰ পূৰ্ব গৌৰৱে আমাক অসমীয়া সুমহান জাতীয়তা এৰি আন জাতিত জাহ যাবলৈ নিদিয়ে, তেনেহ’লে আমি সকলো প্ৰকাৰে লাইন উঠি যোৱাত আৰু অসমত বৃহত্তৰ বঙলাৰ সপোন দিঠকত পৰিণত হোৱাত প্ৰাণেপণে বাধা দিব লাগিব।”

অসমৰ থলুৱা মানুহৰ নিজ গৃহভূমিতে অস্তিত্বহীন হৈ পৰাৰ এই ঐতিহাসিক শংকা আজিকোপতি আমাৰ মননত বিদ্যামান। আমি চকুৰ আগতে দেখিছো কেনেদৰে আমাৰ দাঁতিকাষৰীয়া ৰাজ্য ত্ৰিপুৰাৰ থলুৱা ত্ৰিপুৰীসকল নিজ মাতৃভূমিতে সংখ্যালঘু আৰু কৰ্তৃত্বহীন গোষ্ঠীলৈ পৰিণত হ’ল। সেয়েহে হুৰমূৰকৈ প্ৰস্তুত কৰা হ’লেও অসম চুক্তিত ‘৬ নং দফা’ শীৰ্ষক এটা দফা সন্নিৱিষ্ট কৰা হ’ল, যিটো দফা(অসম চুক্তিৰ ৬ নং দফাঃ অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ’ব)ৰ জৰিয়তে অসমত বাস কৰা অসমীয়া মানুহৰ সুৰক্ষাৰ প্ৰসংগটো উত্থাপন কৰা হৈছিল। দুৰ্ভাগ্যৰ কথা যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩৫ বছৰ পাছতো আমি ‘অসমীয়া’ৰ সংজ্ঞা নিৰূপণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই ৬ নং দফা অনুযায়ী যথাযথ সাংবিধানিক, প্ৰশাসনীয় ৰক্ষা কৱচবোৰ পাবলৈ সক্ষম হোৱা নাই। আমাক কথাবোৰ এনেদৰেই বুজাই দিয়া হ’ল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিৰ্দেশত অসম চুক্তিৰ প্ৰতিটো দফাৰ খচৰা প্ৰস্তুত কৰা হৈছিল যদিও অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে এই মন্ত্ৰালয়ে ‘অসমীয়া’ৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ৰং চাই থাকিল। চুক্তিখনৰ ১৫ নং দফাত কোৱা হৈছিল যে অসম চুক্তিৰ সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয় হ’ব ন’ডেল মন্ত্ৰালয় [Nodal Ministry], অথচ মন্ত্ৰালয়ে চুক্তি ৰূপায়ণৰ দিশত, বিশেষকৈ চুক্তিখনৰ ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত একো আগ ভাগ নল’লে। ইচ্ছা কৰা হ’লে গৃহ মন্ত্ৰালয়ে ‘অসমীয়া’ৰ এক সুসংহত সংজ্ঞা নিৰূপণ কৰিব পাৰিলহেঁতেন। সাংবিধানিক সুৰক্ষা প্ৰাপ্তিৰ স্বাৰ্থত অসমীয়াৰ বাবে যাতে এক বিধিগত সুৰক্ষা ব্যৱস্থাৰ সৃষ্টি কৰিব পাৰে সেই তৎপৰতা গৃহ মন্ত্ৰালয়ে দেখুৱাব পাৰিব লাগিছিল যদিও অসমৰ মানুহৰ প্ৰতি সতৰ্তে প্ৰদৰ্শন কৰা অৱহেলাৰ বাবেই সেই কামফেৰা গৃহ মন্ত্ৰালয়ে কৰিবলৈ ইচ্ছুক নহ’ল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় নিশ্চিত আছিল যে যিহেতু অসমৰ থলুৱা জাতি-জনগোষ্ঠীবোৰ বহুধা বিভক্ত আৰু তেওঁলোকৰ সৰহভাগে বৃহৎ ‘অসমীয়া’ সংজ্ঞাৰ অন্তৰ্ভুক্ত হ’বলৈ ইচ্ছুক [চনৰ ৯ মাৰ্চত পি টি চি এ [The Plains Tribal Council of Assam] উত্তৰ পাৰে উদয়াচল নামৰ এখন সুকীয়া ৰাজ্যৰ দাবী তুলিছিল] সেয়েহে ‘অসমীয়া’ৰ সংজ্ঞা নিৰূপণ কৰি ৰক্ষাকৱচ দিয়াৰ সলনি অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনি পাৰস্পৰিক বাদ বিবাদ লিপ্ত হৈ থকাৰ পৰিবেশটোৱে উত্তম বুলি মন্ত্ৰালয়ে বিবেচনা কৰিলে। ‘অসমীয়া’ বা অসমৰ থলুৱা মানুহৰ হাতৰপৰা বহিৰাগত মানুহে মাটি ক্ৰয় কৰিব নোৱাৰা এক বিধিগত উপবন্ধৰ সৃষ্টি হ’লে আটাইতকৈ সংকটত পৰিব ভাৰতীয় জনতা পাৰ্টিৰ মূল পৃষ্ঠপোষক বণিয়া গোষ্ঠীটোৱে। তদুপৰি বহিৰাগত/বিদেশী হিন্দু লোকক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতলত সংস্থাপন দিয়াৰ পৰিকল্পনাটোকো সাকাৰ কৰিব পৰা নাযাব। গতিকে গৃহ মন্ত্ৰালয়ৰ স্পষ্ট স্থিতি— অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে যিয়ে যি প্ৰস্তাৱ দিয়ে দি থাকক, তেওঁলোকে কেৱল ইয়াৰ ৰূপায়ণ নকৰে। সম্ভৱতঃ ভাৰত চৰকাৰে বিচাৰে যে ‘সংজ্ঞা’ৰ বিভ্ৰান্তিতে অসম চুক্তি চিৰকাল পৰি ৰওক। তেতিয়া অন্ততঃ ‘কা’ ৰূপায়ণৰ কামটো ততাতৈয়াকৈ কৰিব পৰা যাব।

৬ নং দফাৰ বিফল যাত্ৰাঃ ২০০৫ চনৰ ৫ মে’ তাৰিখে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এখন ত্ৰিপাক্ষিক আলোচনা হৈছিল। এই আলোচনাত আই এম ডি টি আইন বাতিলকৰণ; ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, ফট’ পৰিচয় পত্ৰ প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা ব্যৱস্থা, যৌথ সীমান্ত ভ্ৰমণ, সাংবিধানিক ৰক্ষাকৱচ আদি অতি গুৰুত্বপূৰ্ণ বিষয়বোৰক লৈ সিদ্ধান্ত লোৱা হৈছিল। সাংবিধানিক ৰক্ষাকৱচৰ বিষয়ত লোৱা সিদ্ধান্তসমূহ আছিল এনেধৰণৰঃ

— অসম চুক্তিমৰ্মে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ দায়বদ্ধতা প্ৰধানমন্ত্ৰীয়ে দোহাৰে।

— অসমীয়া মানুহৰ সংজ্ঞা অসম চৰকাৰ আৰু ছাত্ৰ সন্থাই আলোচনামৰ্মে ঠিক কৰিব।

— ত্ৰিপাক্ষিক উপ-সমিতিয়ে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়ে আলোচনা আৰম্ভ কৰিব।

উল্লেখ্য যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত প্ৰয়োজনীয় সিদ্ধান্ত ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ তিনিজন, অসম চৰকাৰৰ তিনিজন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তিনিজন সদস্যৰে এক ত্ৰিপাক্ষিক উপ-সমিতি গঠিত হৈছিল। বৰ্তমান বিজেপি দলৰ নেতা-পালি নেতা (বেলেগ দলৰ পৰা নি পালন কৰা নেতাসকলক পালি নেতা বুলি ইয়াত বুজোৱা হৈছে)সকলে ক’ব খোজে যে বিজেপি চৰকাৰৰ আগতে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাছিল। এঢাপ আগবাঢ়ি অমিত শ্বাহে যোৱা ১০ ডিচেম্বৰত ৰাজ্যসভাত ঘোষণা দিলে যে যদিওবা ১৯৮৫ চনতে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তিত স্বাক্ষৰ কৰিলে কিন্তু অসম চুক্তিৰ ৬ নং দফা অনুযায়ী যি এখন কমিটি গঠন কৰিব লাগে, সেইখন কমিটি কোনোকালে গঠন কৰা নহ’ল। নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছতহে ইয়াক গঠন কৰা হ’ল।

এতিয়া প্ৰশ্ন দুটা হ’ল— অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কমিটি গঠন কৰাৰ উপবন্ধ চুক্তিখনৰ ক’ত আছে তাক বিজেপি দলে জনাব লাগে। তদুপৰি ২০০৫ চনৰ মে’ মাহত হোৱা ত্ৰিপাক্ষিক আলোচনা আৰু ত্ৰিপাক্ষিক উপ-সমিতি গঠন তেন্তে কাৰ আমোলত হৈছিল? ২০০৫ চনত কেন্দ্ৰত কোন দলে শাসনত আছিল? তাৰ আগতে বাজপেয়ীৰ দিনত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে কি ব্যৱস্থা লৈছিল তাকো ৰাজহুৱা কৰিব লাগে।

কি কৰ্তৃত্বত অসম চৰকাৰে প্ৰতিবেদন গ্ৰহণ কৰিব?

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২০১৯ চনৰ ১৫ জুলাইত Notification No:11012/04/2019-NE.VI শীৰ্ষক যিখন অধিসূচনা যোগে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল তাৰ ক’তো অসম চৰকাৰক এই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ কোৱা হোৱা নাছিল। অধিসূচনাৰ ৫ নং দফাত অসম চৰকাৰে প্ৰয়োজনীয় প্ৰশাসনীয় আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰিব বুলিহে উল্লেখ কৰা হৈছে [The State Government of Assam will provide necessary administrative and logistic support to the committee]। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূব সংমণ্ডলে সকলো সহায় আগবঢ়াব বুলি অধিসূচনাৰ ৪ নং দফাত কোৱা হৈছিল [The committee will be serviced by the NE Division of MHA, Government of India]। আনহাতে উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ প্ৰতিবেদন দাখিলৰ ক্ষেত্ৰত কোৱা হৈছে¸ ৬ যে কমিটিয়ে অধিসূচনা প্ৰকাশ পোৱা তাৰিখৰপৰা ৬ মাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব [The committee will submit its report within 6 months from the date of notification]। এতিয়া প্ৰশ্ন হৈছে যিহেতু অধিসূচনা প্ৰকাশ পাইছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰপৰা সেয়েহে প্ৰতিবেদনো দাখিল কৰিব লাগিব গৃহ মন্ত্ৰালয়ক। তেন্তে অসম চৰকাৰে প্ৰতিবেদন গ্ৰহণ কৰিবলৈ আবিৰ্ভাৱ হ’ল কিহৰ বাবে? নে এই কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰিলে (প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিবেদন যুগুত হোৱাৰ কেইদিনমানৰ ভিতৰতে ইয়াক ৰূপায়ণ কৰিব বুলি মুকলিভাৱে ঘোষণা দিছে) ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশী সংস্থাপন দিয়াটো অসম্ভৱ হৈ পৰিব বুলি নিশ্চিত হৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সম্প্ৰতি পিছ হুহকিবলৈ আৰম্ভ কৰিছে? নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সকলো কথাকে বিনাবাক্যে মানি লোৱা ৰাজ্যিক নেতা সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় যিকোনো আইন-আঁচনি আদি তাৎক্ষণিকভাৱে অসমত ৰূপায়ণ কৰিব বুলি সততে ঘোষণা দি আহিছে। এতিয়া উক্ত উচ্চ-ক্ষমতাসম্পন্ন কমিটিৰ প্ৰতিবেদনৰ অনুমোদনসমূহ তাৎক্ষণিকভাৱে ৰূপায়ণ হ’ব বুলি নেতা দুজনাই সদম্ভ ঘোষণা দিব পাৰিবনে?

 

(লেখকৰ e-mail : [email protected])

Recent News

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd