NORTHEAST NOW (Assamese)

জেভলিনত স্বৰ্ণ : ৰুণজুন পেগুলৈ মিছিং স্বায়ত্ত পৰিষদৰ ১ লাখ টকাৰ অনুদান

September 29, 2018 1:16 pm · এন ই নাও নিউজ
জেংৰাইমুখত সম্বৰ্দ্ধনা সভাত ৰুণজুন পেগু।

শেহতীয়াকৈ এটাৰ পাছত আন এটা সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক গৌৰৱান্বিত কৰি তোলাৰ মাজতে মাজুলীৰ ৰুণজুন পেগুৱে লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদকেৰে ৰাজ্যখনলৈ আন এক সুনাম কঢ়িয়াই আনে।

বৃহস্পতিবাৰে লক্ষ্ণৌৰ পৰা যোৰহাট বিমান বন্দৰত উপস্থিত হৈ শুকুৰবাৰে বিশেষ ফেৰীৰে পুৱা গৃহ ভূমি মাজুলীত উপস্থিত হোৱাৰ পাছতে গড়মূৰত থকা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত খেলুৱৈগৰাকীক বিপুল সম্বৰ্ধনা জনোৱা হয়।

আনহাতে, এই সম্বৰ্দ্ধনাৰ পাছতে জিলা প্রশাসনৰ উদ্যোগত তথা মাজুলীবাসীৰ সহযোগত গড়মূৰৰ পৰা ফুলনি হৈ জেংৰাইলৈ সমদল কৰি ৰুণজুনক আদৰি অনা হয়। ফুলনি চাৰিআলিতো উজনি মাজুলীবাসীয়ে তেওঁক বিপুলভাৱে আদৰণি জনায়।

ইয়াৰ পাছতে জেংৰাই হাইস্কুল খেলপথাৰত প্ৰায় ২০ হাজাৰ লোকে বিশাল জনসভাত মাজুলীৰ গৌৰৱ ৰুণজুনক আদৰণি জনায়। এই সভাতে মিছিং স্বায়ত্ত পৰিষদৰ তৰফৰ পৰা ৰুণজুন পেগুলৈ এক লাখ টকাৰ চে’ক প্ৰদান কৰা হয়।

Related News