বগীবিল দলঙৰ ‘বীৰাংগনা সতী সাধনী সেঁতু’ নামকৰণৰ বিৰোধিতা মিচিং সংগঠনৰ

অহা ২৫ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বগীবিল দলংখন উদ্বোধন কৰিব। এই দলংখনৰ আনুষ্ঠানিক মুকলিৰ দিনটোলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰিছে উত্তৰ অসম তথা চুবুৰীয়া অৰুণাচলৰ ৰাইজে। কিন্তু দলংখনৰ নামকৰণক লৈ আৰম্ভ হৈছে আন এক চৰ্চা তথা বিতৰ্কৰ।

ৰাজ্য চৰকাৰে বগীবিল দলংখনৰ নামকৰণ বীৰাংগনা সতী সাধনী সেঁতু নামেৰে কৰিবৰ বাবে ৰে’ল বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণক লৈ জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠন। মিচিং অধ্যুষিত অঞ্চলত নিৰ্মাণ হোৱা বগীবিল দলঙৰ নাম স্বাধীনতা সংগ্ৰামী শ্বহীদ কমলা মিৰিৰ নামেৰে নামকৰণ কৰাৰ বাবে মিচিং জাতীয় সংগঠনে দাবী তুলিছে।

আনহাতে, ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকলৈ পত্ৰ প্ৰেৰণ কৰি ৰে’ল বিভাগে নিৰ্মাণ কৰা বগীবিল দলঙৰ নাম ‘বীৰাংগনা সতী সাধনী সেঁতু’ নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ জনাইছে।

অৱশ্যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক সূত্ৰই জানিব দিয়া অনুসৰি ২৫ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰীয়ে মুকলি কৰিবলগীয়া বগীবিল দলঙৰ নাম নিৰ্ণয় কৰাৰ ক্ষমতা ইয়াৰ মহাপ্ৰবন্ধকৰ নাই। সেইটো অসমৰ মুখ্য মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ সৈতে আলোচনা কৰিহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

তথাপি, ৰাজ্য চৰকাৰে ৰে’লৱে কৰ্তৃপক্ষলৈ অনুৰোধসূচক পত্ৰ প্ৰেৰণ কৰাৰ পৰা বগীবিল দলঙৰ নাম ‘বীৰাংগনা সতী সাধনী সেঁতু’ হোৱাটো নিশ্চিত হৈ পৰিছে। কিয়নো মুখ্য মন্ত্ৰীৰ অনুমতি বা অনুমোদন নোহোৱাকৈ চৰকাৰৰ উপ-সচিব পৰ্যায়ৰ বিষয়া এগৰাকীয়ে ৰে’লৱেৰ মহাপ্ৰবন্ধকৰ দৰে শীৰ্ষ বিষয়াক পত্ৰ প্ৰেৰণ কৰাৰ কৰ্তৃত্ব নাই।

সেয়া যিয়েই নহওঁক, বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোডীয়ে দলংখনৰ নাম ৰাজহুৱাভাৱে ‘বীৰাংগনা সতী সাধনী সেঁতু’ বুলি ঘোষণা কৰাৰ সম্ভাৱনা আছে।