মৰিগাঁও জিলাত ইটোৰ পিছত সিটো নিৰুদ্দেশৰ ঘটনা

a bbbb

কালিকা লাগিছে বানপীড়িত মৰিগাঁও জিলাখনত ।জিলাখনত ইটোৰ পিছত সিটো নিৰুদ্দেশৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বানেধোৱা জিলাখনৰ বাসিন্দাসকলৰ মাজত ।

অলপতে এগৰাকী বিবাহিতা মহিলা বেংকলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিখোজ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ এজন শিশু নিৰুদ্দেশ হোৱা ঘটনাই ত্ৰাসৰ সৃষ্টি কৰে মৰিগঁঞা ৰাইজক ।

এইবাৰ এটি ১৪ বছৰীয়া শিশু যোৱা ২৯ অক্টোবৰৰ পৰা ।জিলাখনৰে মিকৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত নতৰাবড়ী গাঁৱৰ পৰা নিখোজ হয়,কৌস্তভ কুমাৰ নাথ নামৰ ছাত্ৰজন ।

ঘৰৰ ওচৰতে খেলি থকা ছাত্ৰজনৰ নিৰুদ্দেশ হোৱা ঘটনাৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটিৰ মাজত ।বহু বিছাৰ-খোছাৰ কৰাৰ পিছতো শিশুটিৰ কোনো সন্ধান নোপোৱাত অৱশেষত পৰিয়ালৰ লোকসকলে মিকিৰভেটা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

আনহাতে কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ কিবা অনুসন্ধান লাভ কৰিলে ৬৯০১৫৬৮৬৮৪ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটিয়ে ৰাইজলৈ আহ্বান জনাইছে ।

ইফালে জিলাখনত সঘনে সংঘটিত হোৱা এনে ঘটনাত শিশু অপহৰনকাৰী চক্ৰ জড়িত থকা বুলিও সন্দেহ ব্যক্ত কৰিছে অঞ্চলটোৰ বাসিন্দাসকলে ।