অসমৰ সৈতে থকা সীমাবিবাদ সমাধানৰ বাবে সীমা আয়োগ গঠনৰ দাবী মিজো ছাত্ৰ সন্থাৰ

aizawl-protest-570x320

দুয়োখন ৰাজ্যৰ সীমা বিবাদজনিত ঘটনাৰ প্ৰতিবাদ মিজো ছাত্ৰ সন্থাৰ।

অসমৰ সৈতে থকা সীমাবিবাদ সমাধানৰ বাবে সীমা আয়োগ (boundary commission) গঠন কৰাৰ বাবে মিজোৰাম চৰকাৰক দাবী জনাইছে মিজোৰাম ছাত্ৰ সন্থাই।

ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৱে এটা বিবৃতিৰ জৰিয়তে কয় যে মিজোৰাম বিধানসভাই ২০১৫ চনত এখন প্ৰাইভেট মেম্বাৰ ৰিজলিউশ্যন গৃহীত কৰিছিল, যাৰ জৰিয়তে কেন্দ্ৰৰ পদক্ষেপৰ অধীনত সীমা আয়োগ গঠন কৰিব বিচৰা হৈছিল।

কিন্তু ৰাজ্য চৰকাৰখনে তাৰ পিছত এই আয়োগ গঠনৰ বাবে এতিয়ালৈকে কোনো স্পষ্ট পদক্ষেপ নল’লে, ছাত্ৰ সংগঠনটোৰ অভিযোগ।

বিবৃতিটোত কোৱা হয় যে যোৱা বছৰৰ নৱেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সকলো ৰাজনৈতিক দল আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰে গঠিত জইণ্ট একশ্যন কমিটিয়ে এখন স্মাৰকপত্ৰ দিছিল, য’ত অসমৰ সৈতে থকা ৰাজ্যখনৰ সীমাবিবাদৰ সমাধানৰ বাবে এখন সীমা আয়োগ গঠনৰ আহ্বান জনোৱা হৈছিল।

স্মাৰকপত্ৰখনৰ সঁহাৰিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে মিজোৰাম চৰকাৰক এই আয়োগ গঠনৰ বাবে পৰামৰ্শ আগ বঢ়াবলৈ নিৰ্দেশনা দিছিল। কিন্তু তৎসত্ত্বেও ৰাজ্য চৰকাৰখনে কোনো সঁহাৰি নিদিলে, বিবৃতিটোত কোৱা হয়।

ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰ সীমা বিবাদ দূৰ কৰিবলৈ আগ্ৰহী বুলি জানিবলৈ দি ৰাজ্য চৰকাৰখনক যিমান পাৰি সিমান সোনকালে সীমা আয়োগ গঠন কৰিবলৈ দাবী জনায়।

দুয়োখন ৰাজ্যৰ মাজত সীমাক লৈ দীৰ্ঘদিনৰ পৰা বিবাদ আৰু কেতিয়াবা সংঘাত আৰু হিংসাৰ পৰিৱেশ সৃষ্টি হৈ আহিছে। বহু সময়ত কেন্দ্ৰই হস্তক্ষেপ কৰিব লগীয়া পৰিস্থিতিও সৃষ্টি হৈছে। ছেগা-চোৰোকাকৈ বিষয়টোত দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰতিনিধিৰ মাজত আলোচনা হৈছে যদিও সমাধান এতিয়াও অহা নাই।

মিজোৰামে ১৮৭৩ চনৰ বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনৰ অধীনত ১৮৭৫ চনত জাৰি কৰা অধিসূচনাত উল্লেখ থকা ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ ৫০৯ বৰ্গ কিলোমিটাৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে অসমৰ পক্ষটোৱে ১৯৯৩ চনত ছাৰ্ভেই অব ইণ্ডিয়াই প্ৰস্তুত কৰা সাংবিধানিক মানচিত্ৰৰ ভিত্তিত স্থিতি প্ৰকাশ কৰি আহিছে।

যোৱা বছৰৰ মাৰ্চত মিজো ছাত্ৰ সন্থাই বৈৰবীৰ ওচৰৰ জোফাইত এটা জিৰণি চৰা নিৰ্মাণক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হৈছিল।