NORTHEAST NOW (Assamese)

মিজোৰামত ১০২ জনলৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা

June 11, 2020 12:11 pm · এন ই নাও নিউজ

মিজোৰামত ১০২ গৰাকীলৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯ গৰাকী আক্ৰান্ত হৈছে।

টুইটযোগে এই কথা জনাইছে ৰাজ্যিক জনসংযোগ বিভাগে।

ইফালে মহামাৰী ক’ৰ’নাৰ সংহাৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে সকলোৱে এক গোট হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলি টুইটযোগে মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী জ’ৰাম থাংগাই।

বৰ্তমান ৰাজ্যখনত ১০১ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আছে।

উল্লেখ্য যে, প্ৰথমগৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ ঘৰলৈ ওভতাৰ বহু দিন পিছলৈকে ৰাজ্যখন ক’ৰ’না মুক্ত হৈ আছিল।

এটা সময়ত মিজোৰামত ক’ভিড-১৯ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিল।

বহিঃৰাজ্যত আৱদ্ধ লোকসকল নিজ ৰাজ্য মিজোৰামলৈ ঘূৰি অহাৰ পিছৰ পৰাহে পুনৰ ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিলে।

ৰাজ্যখনৰ বাবে উৎসাহজনক খবৰ এইটোৱেই যে এই পৰ্যন্ত ক’ৰ’নাৰ ফলত কোনো লোকৰে মৃত্যু হোৱা নাই।

Related News