মিজোৰামত ১২ গৰাকী সন্দেহযুক্ত ৰোহিংগিয়া নাগৰিক আটক

Rohingya-768x512

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বাংলাদেশৰ পৰা ভাৰতৰ মাটিত প্ৰবেশ কৰা আঠগৰাকী মহিলা আৰু চাৰিগৰাকী পুৰুষকে ধৰি মুঠ ১২ গৰাকী ৰোহিংগিয়া অনুপ্ৰবেশকাৰীক মিজোৰাম আৰক্ষীয়ে আটক কৰে।

মিজোৰাম আৰক্ষীৰ ফালৰ পৰা সোমবাৰে প্ৰকাশ কৰা অনুসৰি বাংলাদেশৰ পৰা ৰাজ্যখনত প্ৰবেশ কৰা ৰোহিংগিয়া অনুপ্ৰেবশকাৰীসকলে বৈধ ভ্ৰমণৰ অনুজ্ঞাপত্ৰ লৈ আহিছিল।

সন্দেহযুক্ত নাগৰিক কেইগৰাকীক মিজোৰামৰ বাংকাং অঞ্চলৰ পৰা আটক কৰা হৈছে বুলি আৰক্ষীৰ বিষয়া এগৰাকীয়ে কয়। মানৱ সৰবৰাহৰ বলি হৈ তেওঁলোক মিজোৰামলৈ আহিব লগা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, আটকাধীন নাগৰিক কেইগৰাকীৰ পৰা চিম কাৰ্ড নথকা কেইবাটাও মোবাইল ফোন জব্দ কৰা হয়। এতিয়ালৈ ৰোহিংগিয়া নাগৰিক কেইগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।

প্ৰাপ্ত খবৰ অনুসৰি মিজোৰামৰ যিটো ঘৰত লোককেইগৰাকী আটক কৰা হৈছে সেই ঘৰটোৰ গৰাকীয়ে আৰক্ষীয়ে আটক কৰা লোককেইগৰাকীক তেওঁলোকৰ ম্যানমাৰত থকা সম্পৰ্কীয় এগৰাকী লোকে ম্যানমাৰলৈ যোৱাৰ পূৰ্বে আলহী হিচাপে তেওঁলোকক ৰখাৰ কথা কৈছিল বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত এপ্ৰিল মাহতো ভাৰত-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়ত আঠগৰাকী লোকক আটক কৰা হৈছিল।

ম্যানমাৰত হোৱা সেনাবাহিনীৰ আক্ৰমণত ২০১৭ চনৰ পৰা এতিয়ালৈ প্ৰায় ৭,০০০০০ ৰোহিংগিয়া নাগৰিক বাংলাদেশলৈ পলাই আহিছে।