NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ অ’এছ ডিৰ নিৰ্দেশত কাছাৰত চলিছে ছিণ্ডিকেটৰাজ : আনোৱাৰ হুছেইন লস্কৰ

April 29, 2019 10:43 pm · কল্পজ্যোতি শইকীয়া
সংবাদমেলত বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। ফটো : নৰ্থইষ্ট নাও

‘’মুখ্য মন্ত্ৰীৰ অ’এছ ডি কাশ্যপ প্ৰকাশৰ নিৰ্দেশত কাছাৰত চলি আছে ছিণ্ডিকেটৰাজ। এই কথা মোক কাছাৰৰ এএছপিয়ে কৈছিল।‘’ আজি দিচপুৰ বিধায়ক আৱাসত ছিণ্ডিকেটৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ এই মন্তব্য হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ।

ইপিনে, বিধায়কজনৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ অ’এছ ডিয়ে আদালতত গোচৰ দিলেও বিধায়কজনে কেৰেপ নকৰে বুলি সদৰী কৰে।

‘’মোৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ অ’ এছ ডিয়ে কেচ দিলে দিয়ক। মই ভয় নাখাও। ময়ো আদালতত যাবলৈ প্ৰস্তুত আছো। তাত মই সকলো তথ্য পাতি দিম।‘’ এই মন্তব্য আনোৱাৰৰ।

ইপিনে মুখ্য মন্ত্ৰীৰ বিষয়াৰ হৈ মনোজ তালুকদাৰ নামৰ এজনে ধন সংগ্ৰহ কৰি আছে’ বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, উক্ত সংবাদমেলত অসম চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধেও সৰব হৈ পৰে বিধায়কগৰাকী।

‘’মোৰ বিৰুদ্ধে শুক্লবৈদ্যই ছিণ্ডিকেটৰ অভিযোগ তুলিছে। যদি পৰিমলৰ অভিযোগ সচাঁ হয় মই পদত্যাগ কৰিম,‘’-শুক্লবৈদ্যক এইদৰে প্ৰত্যাহ্বান জনায় লস্কৰে।

তেওঁ আৰু কয়, ‘’পৰিমলৰ দৰে মন্ত্ৰীবোৰে মুখ্য মন্ত্ৰীক ভূল পথে পৰিচালিত কৰে।পৰিমলে যিমানেই আনক অভিযোগ কৰিব সিমানেই নিজৰ ভুলবোৰ ওলাব।‘’

তদুপৰি,‘’পৰিমল ব্যৰ্থ মন্ত্ৰী, বিষয়াক চলাব নোৱাৰে’’ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰে আনোৱাৰে। আনোৱাৰে লগতে আহ্বান জনায় ‘’পৰিমলে মন্ত্ৰী পদ পদত্যাগ কৰি বিধায়কগিৰি কৰক।‘’

আনহাতে, এপিডিচিএলৰ নিযুক্তিৰ ক্ষেত্ৰত কি হ’ল ? চৰকাৰৰ স্বচ্ছ নিকা প্ৰতিশ্ৰুতি কত গল ? এই প্ৰশ্ন কৰি এই সন্দৰ্ভত তেওঁ মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

Related News