অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত কৃপানাথ মাল্লা

Screenshot_3-6

ফটো : নৰ্থ-ইষ্ট নাও

দীৰ্ঘদিন ধৰি খালী হৈ থকা অসম বিধানসভাৰ চতুৰ্দশ উপাধ্যক্ষৰ পদত বুধবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লা । কৃপানাথ মাল্লাৰ সমৰ্থনত বিজেপিৰ ঋতুপৰ্ণ বৰুৱা, অগপৰ সত্যব্ৰত কলিতাকে ধৰি ৬ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল বিধানসভাৰ সচিবালয়ত।

উল্লেখ্য যে কৃপানাথ মাল্লাৰ বাহিৰে কোনো প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল নকৰাত বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে তেওঁক নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰে।

২০০৩ চনৰ উপ-নিৰ্বাচন, ২০১১ আৰু ২০১৬ চনৰ নিৰ্বাচনত ৰাতাবাৰী সমষ্টিৰ পৰা বিজয়ী হোৱা কৃপানাথ মাল্লা বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শাসক-বিৰোধীৰ মন্ত্ৰী-বিধায়কে তেওঁক আদৰি আনি উপাধ্যক্ষৰ আসনত বহুৱায়।

মুখ্য মন্ত্ৰী সোণোৱালে মাল্লাক অভিনন্দন জনোৱাৰ লগতে তেওঁ দায়িত্বৰে সদনৰ মৰ্যাদা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি কংগ্ৰেছৰ ৰকিবুল হুছেইন, অগপৰ অতুল বৰা, বি পি এফৰ প্ৰমিলাৰাণী ব্ৰহ্ম, এ আই য়ু ডি এফৰ বছিৰ আহমেদ কাছিমীয়ে উপাধ্যক্ষৰ আসন অলংকৃত কৰা মাল্লাক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে বিধান সভাৰ পূৰ্বৰ উপাধ্যক্ষ দিলীপ পালে ৰহস্যজনকভাৱে উক্ত আসনখন এৰাত দীৰ্ঘদিনৰ পৰা পদটো খালী হৈ আছিল।