‘গৰিষ্ঠ সংখ্যক জনসাধাৰণে ৰাজনীতি আৰু ৰাজনৈতিক নেতা সকলৰ প্ৰতি নেতিবাচক ধাৰণা পোষণ কৰে। সেয়েহে নিৰ্বাচিত জনপ্ৰতিনিধিসকল জনসাধাৰণৰ এই ধ্যান ধাৰণা সলনি কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হ’ব লাগিব।’ শনিবাৰে অসম বিধানসভাৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে চৰকাৰে জনসাধাৰণক বিধানসভাৰ কাষ চপাই অনাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে বুলি কোৱাৰ লগতে সংহত উন্নয়নৰ নিশ্চিতি কল্পে কোঅপাৰেটিভ ফেডাৰেলিজিম ব্যৱস্থাৰ উত্তৰণৰ দিশটো কাম কৰি আছে বুলি কয়। লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো বিধানসভাৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰাৰ বাবে সুযোগ প্ৰদান কৰা হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
আনহাতে ইয়াৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰী সকলক মুখ্য মন্ত্ৰী, অন্যান্য মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে মত-বিনিময়ৰ সুযোগ প্ৰদান কৰা হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
আজিৰ অনুষ্ঠানত মণিপুৰৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান সিঙে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰি সমগ্ৰ পৃথিৱীৰ ভিতৰতে গণতান্ত্ৰিক শাসন ব্যৱস্থাক শ্ৰেষ্ঠ শাসন ব্যৱস্থা বুলি অভিহিত কৰে।
আনহাতে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধানসভাক গৱেষণা আৰু শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয়। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতি শীঘ্ৰে গ্ৰীষ্মকালীন ইণ্টাৰনশ্বিপ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। লগতে অধ্যক্ষগৰাকীয়ে বিধানসভাৰ পুথিভঁৰালৰ উন্নয়ন সাধন আৰু ডিজিটাইজেশ্বন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্ৰেষ্ঠ বিধায়ক আৰু শ্ৰেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ বিধায়ক হিচাপে ভূৱন পেগুক আৰু শ্ৰেষ্ঠ সাংবাদিক হিচাপে দৈনিক অসমৰ সাংবাদিক জিতেন্দ্ৰ নাথ চৌধুৰী আৰু দৈনিক অগ্ৰদূতৰ সাংবাদিক অৰূপ মহন্তক পুৰস্কাৰ প্ৰদান কৰা হয়।
অনুষ্ঠানটোত উপাধ্যক্ষ দিলীপ পালে অদৰণি ভাষণ পাঠ কৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা আৰু অজয় কুমাৰ দত্তই আনুষ্ঠানিক ভাষণ প্ৰদান কৰে।
ইফালে প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝিয়ে অনুষ্ঠান উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবা গৰাকী বিধায়ক, প্ৰাক্তন বিধায়ক উপস্থিত আছিল।