• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আত্মহননৰ দৰে চৰম পন্থা ল’ব বিধায়ক অতুল বৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 8:55 am
Atul Borah BJP

দিচপুৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰিছে বিধায়ক অতুল বৰাই। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সমগ্ৰ অসমৰ জনসাধাৰণ তথা জাতীয় দল-সংগঠনেও যদি এই বিধেয়কখনৰ সমৰ্থন জনায়, তথাপি মই অকলেই বিৰোধিতা কৰি যাম। অসমৰ মানুহ, মোৰ বিবেক আৰু জাতীয় চেতনাই  যেতিয়া ক’ব তই নালাগে থাকিব এইখন পৃথিৱীত, তই আত্মহত্যা কৰ, মই তেনে কৰিবলৈও প্ৰস্তুত।‘’

আজি দিচপুৰ প্ৰেছ ক্লাৱত দিচপুৰ সমষ্টিৰ  বিধায়ক অতুল বৰাই স্ব-ৰচিত ‘’আৰ এছ এছৰ নেতা শংকৰ দাসৰ বিস্ফোৰণ, আই এম ডি টিতকৈও ভয়াবহ এন আৰ চি, তাতোকৈয়ো ভয়াবহ কি?’’ শীৰ্ষক পুস্তিকাখন উন্মোচন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে।

তেওঁ লগতে কয়,  ‘’বিধেয়কখন গৃহীত হ’লে অসমৰ মানুহে বিবেক তথা জাতীয় চেতনাই মোক নিশ্চয় আত্মহত্যা কৰিবলৈ ক’ব।‘’

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপি দলৰ স্থিতি সপক্ষে যদিও সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে শাসকীয় দলৰে জ্যেষ্ঠ বিধায়কগৰাকীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰস্তাৱ গ্ৰহণৰ সময়ৰে পৰা বিধায়ক বৰাই বিধেয়কখনৰ বিৰোধিতা কৰি কেইমাহমান পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰও প্ৰেৰণ কৰিছিল।

আনহাতে, ‘’মই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হ’লেও জাতিধ্বংসী এনে এখন বিধেয়ক মানি ল’ব নোৱাৰো’‘ বুলি দাবী কৰে বিধায়কগৰাকীয়ে।

ইয়াৰোপৰি তেওঁ বিজেপিৰ বিধায়ক হ’লেও অসমীয়া জাতিক জলাঞ্জলি দিব বিচৰা বিধেয়ক কেতিয়াও গৃহীত হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰাৰ লগতে কয়, ‘’দিল্লীত এই বিধেয়কখন নাকচ কৰিবলৈ বাধ্য কৰাব লাগিব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত হ’ব নোৱাৰে।‘’

আনহাতে, ‘’নিৰ্য্যাতিত শব্দটো মিনিংলেচ, বাংলাদেশত কোনো হিন্দু নিৰ্য্যাতিত হোৱা নাই’’ বুলি দাবী কৰি তেওঁ লগতে কয়, ‘’বাংলাদেশৰ নৱপ্ৰজন্মই ধৰ্ম নিৰপেক্ষতাৰ কাৰণে সংগ্ৰাম কৰি আছে। কিন্তু ভাৰতবৰ্ষত প্ৰচাৰ চলোৱা হৈছে হিন্দুসকল বাংলাদেশত নিৰ্য্যাতিত হৈ আছে। বাংলাদেশত অসমতকৈও ভালকৈহে দুৰ্গাপুজা হয়। তাত ২০-৩০ হাজাৰ পুজা মণ্ডপ থাকে।‘’

তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইদিনমান পূৰ্বে কোৱা ‘’কোনো ভাৰতীয়ই দেশ এৰিব নালাগে’’ উক্ত কথাষাৰৰ বিৰোধিতা কৰি কয় যে প্ৰধান মন্ত্ৰীয়ে ক’ব লাগে বিদেশী চিনাক্ত কৰি তেওঁলোকক ভাৰতৰ পৰা বাহিৰ কৰি দিব লাগে।

নামত ৰাষ্ট্ৰীয়তাবাদী দলৰ বিধায়ক হ’লেও কাৰ্য্যতঃ জাতীয়তাবাদী ভাবধাৰাৰে উদ্বুদ্ধ নেতা অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘’অসম আৰু অসমীয়াৰ স্বাৰ্থ মোৰ বাবে প্ৰথম। মই অসমৰ স্বাৰ্থ জলাঞ্জলি দি ৰাজনীতি কৰিবলৈ অহা নাই। অসম তথা ভাৰতত হিন্দু বাংলাদেশী কিহৰ বাবে প্ৰয়োজন?’’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd