নিজ সমষ্টিত অনাহুত পৰিস্থিতিৰ সন্মুখীন বিধায়ক শ্বেৰমান : সভা ত্যাগ কৰিবলৈ বাধ্য কৰালে ছাত্র ছাত্ৰী‌য়ে

24regSherman

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। ফাইল ফটো

পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব যোৱা বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে নিজ সমষ্টিতে আজি অনাহক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে পৰিস্থিতিৰ বাবেই বিধায়ক গৰাকী আৰু তেওঁৰ সাংগো পাংগো সকল নিৰ্বাচনী সভা আধাতে সামৰিবলৈ বাধ্য হয় ৷

উল্লেখ্য যে, আজি আবেলি প্ৰায় ৪ বজাত বিধায়ক শ্বেৰমান আলী আহমেদে বাঘবৰ সমষ্টিৰ দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। উক্ত বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন চলি থকাৰ বাবে বিধায়ক গৰাকীয়ে নিৰ্বাচনী সভাৰ বাবে ৩০ মিনিট সময়ৰ অনুমতি লয়।

কিন্তু বিধায়কগৰাকীয়ে নিৰ্বাচনী সভাখন এক ঘণ্টাতকৈ অধিক সময় পাৰ হোৱাৰ পাছতো নিৰ্বাচনী সভাৰ মাইক বন্ধ নকৰাত ছাত্র সকলে মাইক বন্ধ কৰিবলৈ কোৱা‌ত কংগ্ৰেছ প্ৰাৰ্থী‌ৰ আত্মীয় এগৰাকীয়ে ছাত্ৰ এজনক শাৰিৰীকভাবে অপদস্থ কৰে ৷

এই ঘটনাৰ পাছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল নিৰ্বাচনী সভাস্থলীত উপস্থিত হৈ বাক বিতণ্ডাত লিপ্ত হয় আৰু  বিধায়ক শ্বেৰমান আলীক সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য কৰায় ৷

উল্লেখ্য যে, কংগ্ৰেছী সমৰ্থকৰ আক্ৰমণত বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ‌ আঘাত প্ৰাপ্ত হৈ সম্প্ৰতি মন্দিয়া আদৰ্শ হস্পিতালত চিকিৎসা‌ধীন হোৱা বুলি জানিব পৰা গৈছে। ইপিনে বাঘবৰ সমষ্টিৰ পাহাৰপুৰ যাদবপুৰ আদি ঠাইতো একাংশ বিক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে “শ্বেৰমান গ’বেক” ধ্বনি দিয়ে ৷