এন আৰ চিক এন পি আৰ বুলি ঘোষণা কৰাৰ দাবী বিধায়ক শিলাদিত্যৰ

এন আৰ চিক এন পি আৰ অৰ্থ্যাৎ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ সলনি কৰাৰ দাবী তুলিছে বিজেপি বিধায়ক শিলাদিত্যই। শনিবাৰে অৰ্থাৎ আজি বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি এন আৰ চিখনক এন পি আৰ বুলি ঘোষণা কৰাৰ বাবে দাবী তোলে বিধায়কগৰাকীয়ে।

‘এন আৰ চি কৰাৰ পূৰ্বে এনপিআৰ কৰিব লাগিছিল। গোটেই ভাৰতত ২০১০ চনত এন পি আৰৰ কাম হৈছিল, কিন্তু অসমত এন পি আৰৰ কাম হোৱা নাছিল। এতিয়া এই এন আৰ চিখন এন পি আৰ বুলি ঘোষণা কৰি দিব লাগে। কিয়নো লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হ’ল যিহেতু এইখন এন পি আৰ বুলি ধৰি ল’ব লাগে।‘ সংবাদমেলত শিলাদিত্যই এই দাবী তোলে।

‘ভাৰতত ২০২০ চনত এন পি আৰৰ কাম হ’ব। এপ্ৰিলৰ পৰা হ’বলগীয়া এই এনপিআৰৰ কাম ছেপ্তেম্বৰ মাহত শেষ হ’ব। তাৰ পাছত সমগ্ৰ ভাৰততে এন আৰ চিৰ কাম আৰম্ভ হ’ব। সমগ্ৰ ভাৰততে এনআৰচিৰ কাম ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ আৰম্ভ হ’ব। তেতিয়া অসমে এক শুদ্ধ এন আৰ চি লাভ কৰিব।‘ এই মন্তব্য শিলাদিত্যৰ।

তদুপৰি, ‘আধাৰ কাৰ্ড বাদ কৰি এন আৰ চি কেতিয়াও হ’ব নোৱাৰে।‘ বুলি সদৰী কৰি বিধায়কজনে অসমতো আধাৰ কাৰ্ডৰ কাম অতি সোনকালে শেষ কৰিবলৈ দাবী জনায়।

তেওঁ কয় ‘আধাৰৰ লগত এন পি আৰৰ লিংক কৰি দিব লাগে। তেতিয়া ইয়াত লুকা-চুপি একো নাথাকিব।’‘

অসমত আধাৰ কাৰ্ডৰ কাম নোহোৱাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাকে দোষাৰোপ কৰে বিধায়কগৰাকীয়ে। অন্যান্য সংবাদমেলৰ দৰেই সুযোগ গ্ৰহণ কৰি আছু নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয় বিধায়কজনে।

আছুক কটাক্ষ কৰি শিলাদিত্যই কয় ‘আছুৱে সদায় ওলোটা কামটো কৰি আহিছে। আছুৱে প্ৰকৃততে জাতিৰ হকে কাম কৰাহেঁতেন তেওঁলোকে আধাৰ কাৰ্ডটোৰ কেতিয়াও বিৰোধ নকৰিলেহেঁতেন। আছু এসময়ত অসমৰ জাতিৰ কাৰণে আছিল এতিয়া বাংলাদেশী মুছলমানৰ কাৰণে। আছুৰ ওপৰত ভৰষা কৰি অসমৰ কথা চিন্তা কৰিলে অসমীয়াৰ বাবেই ক্ষতিকাৰক হ’ব। আছুৱে কেৱল হিন্দু শৰণাৰ্থীক টাৰ্গেট কৰি অভিযোগ দাখিল কৰিছিল।‘

আনহাতে আজিৰ সংবাদমেলতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকো শিলাদিত্যই আক্ৰমণৰ লক্ষ্য কৰি লয়।

‘প্ৰতীক হাজেলা জাতিদ্ৰোহী। তেওঁ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে। এনআৰচিৰ পৰা নাম বাদ পৰাৰ ৪ লাখে এনআৰচিৰ বাবে আবেদন জনোৱা নাছিল, ১২ লাখ হিন্দু শৰণাৰ্থী বা অন্যান্য খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে। এতিয়া অসমত ৩ লাখ বিদেশীহে থাকি যাব নেকি?’ হাজেলাক আক্ৰমণ কৰি শিলাদিত্যই এই প্ৰশ্ন উত্থাপন কৰে।

তাৎপয্যপূৰ্ণভাৱে, এনআৰচিৰ পৰা ৰাজ্যখনৰ নাম বাদ পৰি ৰোৱা সকলো ‘স্বদেশী’ নাগৰিককে হাজেলাৰ বিৰুদ্ধে স্থানীয় থানাত গোচৰ দিবলৈ শিলাদিত্যই আহ্বান জনায়।

‘যিসকলৰ ১৯৬৫ ৰ নথি-পত্ৰ থকাৰ পাছতো এনআৰচিত নাম অহা নাই, সেইসকলে স্থানীয় থানাত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰক।‘ নাম বাদ পৰা লোকলৈ এই আহ্বান জনাই প্ৰতীক হাজেলাৰ প্ৰতি প্ৰশ্ন কৰি শিলাদিত্যই কয় ‘স্বদেশী বুলি নথি-পত্ৰ থকাৰ পাছতো তেওঁলোকক বিদেশী বুলি হাজেলাই কিয় হাৰাশাস্তি কৰিলে?’