কাশ্মীৰ বিৰোধী মন্তব্য : মেঘালয়ৰ কংগ্ৰেছী বিধায়কে বৰ্জন কৰিলে ৰাজ্যপালৰ আদৰণি ভাষণ

মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়।উৎস- য়ুবি

আজিৰে পৰা আৰম্ভ হোৱা মেঘালয় বিধানসভাৰ বাজেট অধিবেশনত ৰাজ্যপাল তথাগত ৰয়ে দিয়া আদৰণি ভাষণ বৰ্জন কৰে মেঘালয়ৰ কংগ্ৰেছ বিধায়ক সকলে। ৰাজ্যপালগৰাকীয়ে টুইটাৰযোগে কাশ্মীৰ সম্বন্ধে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰে বিধায়কসকলে।

প্ৰতিবাদী বিধায়কসকলে ৰাজ্যপালগৰাকীয়ে কৰা মন্তব্যই ৰাজভৱনৰ মৰ্যাদা আৰু সন্মানক অপমানিত কৰা বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে, জম্মু আৰু কাশ্মীৰৰ পুলুৱামাত সংঘটিত সন্ত্ৰাসবাদী কূটাঘাতৰ পাছত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে কাশ্মীৰ আৰু কাশ্মীৰৰ সকলো ধৰণৰ বস্তু বৰ্জন কৰাৰ বাবে জনসাধাৰণক টুইটাৰ যোগে আহ্বান জনাইছিল।

‘‘ কাশ্মীৰলৈ নাযাব, আগন্তুক দুবছৰলৈ অমৰনাথ যাত্ৰালৈও নাযাব, কোনোধৰণৰ কাশ্মীৰী সামগ্ৰী(বিশেষকৈ শীতৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তলৈ অহা কাশ্মীৰী ব্যাৱসায়ীসকলৰ পৰা)ক্ৰয় নকৰিব’’-এইদৰে নিজৰ টুইটাৰ একাউণ্টযোগে মন্তব্য কৰিছিল মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে।

এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ আহ্বানক সমৰ্থন কৰি ৰয়ে এইদৰে টুইট কৰিছিল বুলি পৰৱৰ্তী সময়ত উল্লেখ কৰে।

এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বীজনৰ এনে মন্তব্যক জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুলাকে ধৰি দেশৰ আন আন নেতাসকলে তীব্ৰ সমালোচনা কৰিছিল। আনকি কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে নৰেন্দ্ৰ মোদীক ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে কাশ্মীৰ বিদ্বেষী মন্তব্যৰ বাবে বিহীত ব্যৱস্থা গ্রহণৰ বাবেও দাবী জনাইছিল।