সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি! গুৰুগ্ৰামত দুই শতাধিক উন্মত্ত হিন্দুত্ববাদীয়ে লণ্ডভণ্ড কৰিলে মছজিদ

নামাজ পঢ়ি থকা ব্যক্তিৰ ওপৰত চলালে শাৰীৰিক আক্ৰমণ

Mob Attacks Gurugram Mosque

দেশত এতিয়া সাম্প্ৰদায়িকতাবাদৰ চৰম উত্থান ঘটিছে বুলি দৃঢ় অভিযোগ উত্থাপন হৈছে। হিন্দুত্ববাদী ধ্যান ধাৰণাৰে পৰিচালিত শাসনাধিষ্ঠ বিজেপি দলৰ আশীৰ্বাদপুষ্ট এচাম হিন্দুত্ববাদী দল-সংগঠন তথা নেতাই নিতৌ এতিয়া ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক উপলুঙা কৰি সাম্প্ৰদায়িক বিভাজনমুখী মন্তব্যৰে দেশৰ পৰিস্থিতি অস্থিৰ কৰি তুলিছে বুলি সচেতন মহলে অভিযোগ তুলি আহিছে।

অৱশ্যে বহুসময়ত এনে হিন্দুত্ববাদী একাংশ দল-সংগঠন তথা নেতা-নেত্ৰীয়ে মুকলিকৈ মুছলমানসকলক ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।।দেশৰ সকলো মৌলিক সমস্যাৰ ঠাই লৈছে এতিয়া হিন্দু-মুচলিম, মন্দিৰ-মছজিদ বিতৰ্ক। ইয়াত প্ৰত্যক্ষভাৱে ইন্ধন যোগাইছে বিজেপি চৰকাৰে।

এনে সাম্প্ৰদায়িক ৰাজনীতিয়ে ভাৰতীয় সমাজ ব্যৱস্থাক ক্ৰমশ: গ্ৰাস কৰি তুলিব ধৰাৰ পৰিৱেশৰ মাজতে ৰাজধানী চহৰ দিল্লীৰ সীমান্তৱৰ্তী হাৰিয়ানাৰ গুৰুগ্ৰামত বুধবাৰে সংঘটিত হয় এক উদ্বেগজনক ঘটনা।

গুৰুগ্ৰামৰ এখন গাঁৱত বুধবাৰে ২০০ তকৈও অধিক উন্মত্ত লোকৰ এটা দলে এটা মছজিদত আক্ৰমণ চলাই লণ্ডভণ্ড কৰে মছজিদৰ ভিতৰচৰাত। তদুপৰি মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে কেইগৰাকীমান লোকক শাৰীৰিকভাৱেও আক্ৰমণ কৰি তেওঁলোকক গাওঁখনৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি দিয়ে উন্মত্ত লোকসকলে।

ভোৰা কলন নামৰ গাঁওখনত বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে যদিও বৃহস্পতিবাৰলৈকে ঘটনাত জড়িত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

গাঁওখনৰ এগৰাকী বাসিন্দা চুবেদাৰ নাজাৰ মহম্মদে দাখিল কৰা অভিযোগ অনুসৰি ভোৰা কলন গাঁৱত মুছলমান পৰিয়ালৰ মাত্ৰ চাৰিটা ঘৰ আছে। তেওঁৰ ভাষ্য মতে বুধবাৰে পুৱাই এই হুলস্থূলৰ আৰম্ভণি হৈছিল।

ৰাজেশ চৌহান ওৰফে বাবু, অনিল ভাদোৰিয়া আৰু সঞ্জয় ব্যাস নামৰ কেইগৰাকীমান লোকৰ নেতৃত্বত প্ৰায় ২০০ জন লোকক লৈ গঠিত এটা দলে মছজিদত প্ৰাৰ্থনা গৃহত প্ৰৱেশ কৰিছিল আৰু নামাজীসকলক গাঁৱৰ পৰা বহিষ্কাৰ কৰাৰ ভাবুকি দিছিল।

তাৰ পাছতে নিশালৈ মুছলমান লোকসকলে মছজিদৰ প্ৰাৰ্থনা গৃহৰ ভিতৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে এই লোকসকল পুনৰ মছজিদত প্ৰৱেশ কৰি নামাজীসকলক আক্ৰমণ কৰে আৰু প্ৰাৰ্থনা গৃহ বন্ধ কৰি দিয়ে। চুবেদাৰে লগতে এই দলটোৱে তেওঁলোকক হত্যা কৰাৰ ভাবুকিও দিছিল বুলি অভিযোগ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পাছতে গুৰুগ্ৰাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই আক্ৰমণকাৰী দলটো তাৰ পৰা পলাই যায়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা ফোনটো আক্ৰমণকাৰী দলটোৰে কোনো লোকৰ হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

ইফালে চুবেদাৰৰ অভিযোগৰ পিছত ৰাজেশ চৌহান, অনিল ভাদোৰিয়া, সঞ্জয় ব্যাস আৰু আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মীয় বিবাদ সৃষ্টি কৰাৰ চেষ্টা আৰু বেআইনী কাৰ্যকলাপৰ অভিযোগত বিলাসপুৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হয়।

ঘটনাৰ তদন্তৰ দায়িত্বত থকা এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে বৰ্তমান ঘটনাৰ প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে। আইন অনুসৰি অভিযুক্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।