• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভ্ৰাম্যমান থিয়েটাৰলৈ সুখবৰ: চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতিৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে এছঅ’পি

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
October 8, 2021 5:32 pm
ভ্ৰাম্যমান থিয়েটাৰলৈ সুখবৰ: চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতিৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে এছঅ’পি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড অতিমাৰীৰ বাবে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰে মুখামুখি হ’ব লগাত পৰিছে।

ক’ভিড পৰিস্থিতিৰ বহুখিনি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভ্ৰাম্যমান থিয়েটাৰৰ চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এছঅ’পি জাৰি কৰা হৈছে।

 ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জিলা/মহকুমা প্ৰশাসনৰ দায়িত্ব:

১/ ক’নটেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্ট সংখ্যক লোকৰ ক’ভিড সংক্ৰমন পৰিলক্ষিত নোহোৱা এলেকাতহে ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি দিব।

২/ থিয়েটাৰ আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত/মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব।

৩/ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ই জাৰি কৰা ক’ভিড বিধিৰ আধাৰত থিয়েটাৰ পাতিবলৈ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিব।

৪/ থিয়েটাৰ থলীত ক’ভিড বিধি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে প্ৰযোজ্য কৰা মানক সঞ্চালন প্ৰক্ৰিয়াৰ নিয়মসমূহ পালন হৈছে নে নাই, সেয়া প্ৰশাসনে যিকোনো সময়তে পৰীক্ষা কৰিব। উলংঘন ধৰা পৰিলে থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি তাৎক্ষণিক ভাৱে বাতিল কৰিব আৰু আয়োজক সমিতি, থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।

৫/ প্ৰয়োজন সাপেক্ষে জিলা/মহকুমা প্ৰশাসনে থিয়েটাৰ থলীৰ সমীপৱৰ্তী এলেকাত প্ৰথম পালি বা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।

 ভ্ৰাম্যমান থিয়েটাৰৰ স্থানীয় আয়োজক সমিতিৰ দায়িত্ব:

১/ আয়োজক সমিতিয়ে ক’ভিড বিধি আৰু ভ্ৰাম্যমানৰ এছঅ’পিৰ নিয়মসমূহ সম্পূৰ্ণ ভাৱে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা/মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব।
২/ আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।

৩/ থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব। প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।
৪/ আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে ‘সকলোৱে ক’ভিড বিধি মানি চলক’ আৰু ‘সকলোৱে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰক’ বুলি ছপা কৰিব লাগিব।

৫/ আয়োজক সমিতিয়ে থিয়েটাৰ থলীৰ লগতে আশ-পাশৰ এলেকাত ৰাইজক ক’ভিড বিধি মানি চলাৰ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই সঘনাই মাইকেৰে ঘোষণা কৰিব লাগিব।

৬/ আয়োজক সমিতিয়ে প্ৰতি নিশা সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব।

 ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক গোষ্ঠী, শিল্পী, কলা-কুশলী, কৰ্মচাৰীৰ দায়িত্ব:
১/ ভ্ৰাম্যমান থিয়েটাৰ একোখনৰ প্ৰযোজক, শিল্পী, কলা-কুশলী, কৰ্মচাৰীকে ধৰি প্ৰতিগৰাকী সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক। থিয়েটাৰখনৰ সকলোৱেই দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে থিয়েটাৰ কৰ্তৃপক্ষই আয়োজক সমিতিৰ জৰিয়তে )আগতীয়াকৈ জিলা/মহকুমা প্ৰশাসনক লিখিত ‘স্ব-ঘোষণা পত্ৰ’ দাখিল কৰিব লাগিব।

২/ প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব।

৩/ প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ RAT/RTPCR ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। জিলা/মহকুমা প্ৰশাসনে বিচাৰিলে থিয়েটাৰৰ সদস্যসকলে শেহতীয়া ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।

৪/ প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিড বিধি সঠিক ভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আদি আগবঢ়াব।

৫/ প্ৰতিনিশাই সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই সেই নিশাৰ নাট প্ৰদৰ্শন সামৰিব লাগিব। দৰ্শকসকলে যাতে সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ ঘৰ গৈ পায়, তাৰ বাবে আগতীয়াকৈ নাট প্ৰদৰ্শন সামৰণি পেলাব।

৬/ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নিৰ্ধাৰিত ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে স্বত্ত্বাধিকাৰীসহ থিয়েটাৰ গোষ্ঠী আৰু আয়োজকৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৭/ ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত এই মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ত প্ৰয়োজনীয় সাল-সলনি ঘটোৱা হ’ব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd