• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিনৰ দিনটো ইনষ্টাগ্ৰাম কৰাৰ ফল : ‘ডিজিটেল ভাৰ্টিগো’ত ভুগি হুইল চেয়াৰৰ সংগী হ’ল সুন্দৰী যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 7:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোবাইল ফোন এতিয়া আমাৰ প্ৰতি মিনিটৰে সংগী। আজিকালি মোবাইল অবিহনে এটা ঘন্টা কটোৱাটোও কঠিন হৈ পৰিছে। উশাহ নিশাহৰ লগতে যেন মবাইলো এতিয়া আমাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। যেতিয়ালৈকে আমি সাৰ পাই থাকোঁ তেতিয়ালৈকে আমি হাতত ফোন নথকাকৈ টোপনি যাব নোৱাৰো।

 

এইদৰে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত লাহে লাহে আমাৰ প্ৰজন্মটো বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এগৰাকী সুন্দৰ আৰু স্বাস্থ্যৱান যুৱতীয়ে অত্যধিক মবাইল ব্যৱহাৰৰ ফলত ‘ডিজিটেল ভাৰ্টিগো’ত নামৰ এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত এতিয়া তেওঁ হুইল চেয়াৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

‘ডিজিটেল ভাৰ্টিগো’ত ভোগা যুৱতী গৰাকীৰ নাম ফেনেলা ফক্স। ফেনেলাৰ বয়স ২৯ বছৰ। ফেনেলাই ৰাতিপুৱাৰ পৰা নিশালৈকে বেছিভাগ সময় ইনষ্টাগ্ৰামত কটাইছিল। দিনটোৰ ১২ ঘন্টাতকৈও অধিক সময় ছোচিয়েল মিডিয়াত অতিবাহিত কৰিছিল ফেনেলাই। ইনষ্টাগ্ৰামত ২ লাখৰ অনুৰাগীৰে জনপ্ৰিয়তা ভালেই আছিল ফেনেলাৰ।

পিছে অনুৰাগী গোটাবলৈ দিনৰ দিনটো ইনষ্টাগ্ৰাম মেলি বহি থকা ফেনেলা আক্ৰান্ত হয় এক জটিল ৰোগত। কেইবা বছৰ এনেদৰে মবাইলত অত্যধিক সময় কটোৱাৰ পিছত ২০২১ চনৰ আৰম্ভণিতে মূৰৰ বিষ আৰু ডিঙিৰ বিষৰ সমস্যা আৰম্ভ হৈছিল ফেনেলাৰ। লাহে লাহে বিষ বাঢ়ি আহিছিল ফেনেলাৰ। মূৰ ঘূৰোৱা, বমি আদি লক্ষণে দেখা দিলে ফেনেলাৰ শৰীৰত। লাহে লাহে ভালদৰে খোজ কাঢ়িবলৈ অসমৰ্থ হৈ পৰিল ফেনেলা ফক্স নামৰ যুৱতীগৰাকী।

ফেনেলাই বাস কৰিছিল পৰ্তুগালত। শাৰীৰিক অসুস্থতাৰ বাবে তাই পৰ্তুগাল এৰি ইংলেণ্ডত থকা পিতৃ–মাতৃৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু ইংলেণ্ডৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতেই বিমানবন্দৰত তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে, যাৰ বাবে তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই তেওঁ বিচনাত আবদ্ধ হৈ আছে আৰু হুইল চেয়াৰৰ অবিহনে চলন ফুৰণ কৰিব পৰা নাই।

ফোনটোৰ প্ৰতি থকা নিচাই যে এই পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া ফেনেলাই কাহানিও কল্পনাই কৰিব পৰা নাছিল। চিকিৎসকে জনোৱা মতে, মোবাইল ফোনৰ প্ৰতি আসক্তিৰ বাবে তেওঁ ভেৰ্টিগো নামৰ এক ৰোগত আক্ৰান্ত হৈছে।

ধৰি লওক, আপুনি থিয় হৈ কিবা এটা কৰি আছে, তেনেতে যদি হঠাতে আপোনাৰ মূৰটো ঘূৰাই যায় বা মোবাইলত চিনেমা চাই শুই থকা অৱস্থাত যদি অনুভৱ হয় যে ঘৰখন ঘূৰি আছে। তেন্তে এইবোৰ ভেৰ্টিগোৰ লক্ষণ হ’ব পাৰে!

ভেৰ্টিগো কিয় হয়?

মূলতঃ ভেষ্টিবুলাৰ চিষ্টেমত হোৱা বিঘিনিৰ বাবেই ভেৰ্টিগো হয়। মগজুৰ অংশ বা শৰীৰক ভাৰসাম্য ৰক্ষা কৰা ভেষ্টিবুলাৰ নাৰ্ভৰ সমস্যা হ’লে ভাৰ্টিগো হ’ব পাৰে। কেৱল সেয়াই নহয়, কাণৰ ভিতৰত হোৱা সংক্ৰমণ, যাক ভেষ্টিবুলাৰ নিউৰাইটিছ বুলি জনা যায়, ইও ভেৰ্টিগোৰ অন্যতম কাৰণ হ’ব পাৰে।

এই সংক্ৰমণৰ ফলত কেইবাদিনো বমি আৰু মূৰ ঘূৰোৱা হ’ব পাৰে। আনকি শ্ৰৱণ ক্ষমতাও ক্ষতিগ্ৰস্ত হ’ব পাৰে। ভেৰ্টিগোৰ বাবে মগজুৰ ৰোগ হ’বও পাৰে। মাইগ্ৰেইন হ’লেও ভাৰ্টিগো হ’ব পাৰে।

উল্লেখ্য যে ফেনেলাৰ চিকিৎসা আৰম্ভ হোৱাৰ পিছত প্ৰথমে তাইক নিজৰ ফোনটোৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল। তেনেদৰে দীৰ্ঘদিন ধৰি চিকিৎসকৰ তত্বাৱধানত থাকি তাই সুস্থ হ’বলৈ ধৰিলে। কিন্তু ফেনেলাক আগৰ দৰে ফোন ব্যৱহাৰ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিয়নো নিৰ্দিষ্ট সময়ৰ বাহিৰত ফোনটো ব্যৱহাৰ কৰিলেই তেওঁৰ ভেৰ্টিগোৰ সমস্যাটো ঘূৰি আহিব পাৰে। গতিকে সাৱধান হওঁক আৰু অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd