দিনৰ দিনটো ইনষ্টাগ্ৰাম কৰাৰ ফল : ‘ডিজিটেল ভাৰ্টিগো’ত ভুগি হুইল চেয়াৰৰ সংগী হ’ল সুন্দৰী যুৱতী
মোবাইল ফোন এতিয়া আমাৰ প্ৰতি মিনিটৰে সংগী। আজিকালি মোবাইল অবিহনে এটা ঘন্টা কটোৱাটোও কঠিন হৈ পৰিছে। উশাহ নিশাহৰ লগতে যেন মবাইলো এতিয়া আমাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। যেতিয়ালৈকে আমি সাৰ পাই থাকোঁ তেতিয়ালৈকে আমি হাতত ফোন নথকাকৈ টোপনি যাব নোৱাৰো।
এইদৰে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত লাহে লাহে আমাৰ প্ৰজন্মটো বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এগৰাকী সুন্দৰ আৰু স্বাস্থ্যৱান যুৱতীয়ে অত্যধিক মবাইল ব্যৱহাৰৰ ফলত ‘ডিজিটেল ভাৰ্টিগো’ত নামৰ এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত এতিয়া তেওঁ হুইল চেয়াৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
‘ডিজিটেল ভাৰ্টিগো’ত ভোগা যুৱতী গৰাকীৰ নাম ফেনেলা ফক্স। ফেনেলাৰ বয়স ২৯ বছৰ। ফেনেলাই ৰাতিপুৱাৰ পৰা নিশালৈকে বেছিভাগ সময় ইনষ্টাগ্ৰামত কটাইছিল। দিনটোৰ ১২ ঘন্টাতকৈও অধিক সময় ছোচিয়েল মিডিয়াত অতিবাহিত কৰিছিল ফেনেলাই। ইনষ্টাগ্ৰামত ২ লাখৰ অনুৰাগীৰে জনপ্ৰিয়তা ভালেই আছিল ফেনেলাৰ।
পিছে অনুৰাগী গোটাবলৈ দিনৰ দিনটো ইনষ্টাগ্ৰাম মেলি বহি থকা ফেনেলা আক্ৰান্ত হয় এক জটিল ৰোগত। কেইবা বছৰ এনেদৰে মবাইলত অত্যধিক সময় কটোৱাৰ পিছত ২০২১ চনৰ আৰম্ভণিতে মূৰৰ বিষ আৰু ডিঙিৰ বিষৰ সমস্যা আৰম্ভ হৈছিল ফেনেলাৰ। লাহে লাহে বিষ বাঢ়ি আহিছিল ফেনেলাৰ। মূৰ ঘূৰোৱা, বমি আদি লক্ষণে দেখা দিলে ফেনেলাৰ শৰীৰত। লাহে লাহে ভালদৰে খোজ কাঢ়িবলৈ অসমৰ্থ হৈ পৰিল ফেনেলা ফক্স নামৰ যুৱতীগৰাকী।
ফেনেলাই বাস কৰিছিল পৰ্তুগালত। শাৰীৰিক অসুস্থতাৰ বাবে তাই পৰ্তুগাল এৰি ইংলেণ্ডত থকা পিতৃ–মাতৃৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু ইংলেণ্ডৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতেই বিমানবন্দৰত তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে, যাৰ বাবে তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই তেওঁ বিচনাত আবদ্ধ হৈ আছে আৰু হুইল চেয়াৰৰ অবিহনে চলন ফুৰণ কৰিব পৰা নাই।
ফোনটোৰ প্ৰতি থকা নিচাই যে এই পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া ফেনেলাই কাহানিও কল্পনাই কৰিব পৰা নাছিল। চিকিৎসকে জনোৱা মতে, মোবাইল ফোনৰ প্ৰতি আসক্তিৰ বাবে তেওঁ ভেৰ্টিগো নামৰ এক ৰোগত আক্ৰান্ত হৈছে।
ধৰি লওক, আপুনি থিয় হৈ কিবা এটা কৰি আছে, তেনেতে যদি হঠাতে আপোনাৰ মূৰটো ঘূৰাই যায় বা মোবাইলত চিনেমা চাই শুই থকা অৱস্থাত যদি অনুভৱ হয় যে ঘৰখন ঘূৰি আছে। তেন্তে এইবোৰ ভেৰ্টিগোৰ লক্ষণ হ’ব পাৰে!
ভেৰ্টিগো কিয় হয়?
মূলতঃ ভেষ্টিবুলাৰ চিষ্টেমত হোৱা বিঘিনিৰ বাবেই ভেৰ্টিগো হয়। মগজুৰ অংশ বা শৰীৰক ভাৰসাম্য ৰক্ষা কৰা ভেষ্টিবুলাৰ নাৰ্ভৰ সমস্যা হ’লে ভাৰ্টিগো হ’ব পাৰে। কেৱল সেয়াই নহয়, কাণৰ ভিতৰত হোৱা সংক্ৰমণ, যাক ভেষ্টিবুলাৰ নিউৰাইটিছ বুলি জনা যায়, ইও ভেৰ্টিগোৰ অন্যতম কাৰণ হ’ব পাৰে।
এই সংক্ৰমণৰ ফলত কেইবাদিনো বমি আৰু মূৰ ঘূৰোৱা হ’ব পাৰে। আনকি শ্ৰৱণ ক্ষমতাও ক্ষতিগ্ৰস্ত হ’ব পাৰে। ভেৰ্টিগোৰ বাবে মগজুৰ ৰোগ হ’বও পাৰে। মাইগ্ৰেইন হ’লেও ভাৰ্টিগো হ’ব পাৰে।
উল্লেখ্য যে ফেনেলাৰ চিকিৎসা আৰম্ভ হোৱাৰ পিছত প্ৰথমে তাইক নিজৰ ফোনটোৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল। তেনেদৰে দীৰ্ঘদিন ধৰি চিকিৎসকৰ তত্বাৱধানত থাকি তাই সুস্থ হ’বলৈ ধৰিলে। কিন্তু ফেনেলাক আগৰ দৰে ফোন ব্যৱহাৰ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিয়নো নিৰ্দিষ্ট সময়ৰ বাহিৰত ফোনটো ব্যৱহাৰ কৰিলেই তেওঁৰ ভেৰ্টিগোৰ সমস্যাটো ঘূৰি আহিব পাৰে। গতিকে সাৱধান হওঁক আৰু অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।