কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত জনোৱা মতে, দেশৰ কোনো ৰাজ্যই কাৰ্যকৰী কৰা নাইএতিয়ালৈকে আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ২১খন ৰাজ্য আৰু সকলো কেন্দ্ৰীয় শাসিত অঞ্চলে মডেল প্ৰিজন মেনুৱেল, ২০১৬ গ্ৰহণ কৰিছে।
উল্লেখ্য যে ২০২৩ চনৰ এই আইনখন ১৮৯৪ চনৰ কাৰাগাৰ আইনৰ ত্ৰুটিসমূহ দূৰ কৰাৰ লক্ষ্যৰে ৰাজ্যসমূহৰ বাবে এক গাইড হিচাপে প্ৰস্তুত কৰা হৈছে। বৰ্তমান ১৮৯৪ চনৰ কাৰাগাৰ আইনখনৰ জৰিয়তে ৰাজ্যিক হাতপুথিৰ সৈতে ভাৰতত কাৰাগাৰ প্ৰশাসনৰ কাঠামো নিৰ্ধাৰণ কৰা হৈছে। নতুন আইনখনে নিৰাপত্তা মূল্যায়ন, ব্যক্তিগত শাস্তিৰ পৰিকল্পনা, অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা, আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে আধুনিক বিষয়সমূহ সামৰি লৈছে।
২০২৩ চনৰ মে’ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰয়োজনীয় পৰিৱৰ্তনৰ সৈতে এই আৰ্হি আইন গ্ৰহণ কৰিব পাৰে আৰু তাৰ পিছত কাৰাগাৰ আইন (১৮৯৪), বন্দী আইন (১৯০০), আৰু বন্দী বদলি আইন (১৯৫০) বাতিল কৰিব পাৰে। ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি, কাৰাগাৰ প্ৰশাসনৰ দায়িত্ব সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে, ৰাজ্যসমূহে কাৰাগাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন আবণ্টনৰ জৰিয়তে পুথিভঁৰাল, স্বাস্থ্যসেৱা, আৰু অন্যান্য সুবিধাৰ উন্নতিৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব লাগে। ২০২৩ চনৰ ডিচেম্বৰত মন্ত্ৰালয়ে কাৰাগাৰৰ হাতপুথিৰ নিয়ম সংশোধন কৰি জাতিগত ভিত্তিত কয়দীৰ বৈষম্য আৰু পৃথকীকৰণ নিষিদ্ধ কৰিছিল। এই সংশোধনী ৩ অক্টোবৰ, ২০২৩ত উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ৰ পিছত কাৰ্যকৰী কৰা হৈছিল।
উচ্চতম ন্যায়ালয়ৰ এই ৰায় সাংবাদিক সুকন্যা শান্তাৰ তদন্তমূলক প্ৰতিবেদনৰ পিছত আহিছিল, য’ত তেওঁ ‘দ্য ৱায়াৰ’ত প্ৰকাশিত প্ৰতিবেদনত কাৰাগাৰত জাতিভিত্তিক বৈষম্য আৰু পৃথকীকৰণৰ কথা উত্থাপন কৰিছিল। তেওঁৰ আবেদনত উল্লেখ কৰা হৈছিল যে কেইবাখনো ৰাজ্যৰ কাৰাগাৰৰ হাতপুথিয়ে কামৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি শ্ৰম বিভাজনৰ জৰিয়তে বৈষম্যক উৎসাহিত কৰিছিল। এই নিয়মৰ অধীনত উচ্চ জাতিৰ কয়দীসকলৰ কাম আৰু নিম্ন জাতিৰ কয়দীসকলৰ কামৰ আবন্তনত অসমতা আছিল। উচ্চতম ন্যায়ালয়ে এই নিয়ম বাতিল কৰি নিপীড়িত সম্প্ৰদায়ৰ কয়দীসকলৰ প্ৰতি এনে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে।
ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ৰাজ্যসমূহে আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ গ্ৰহণ কৰি কাৰাগাৰ ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত আগবাঢ়িব পাৰে। তেওঁ উল্লেখ কৰে যে এই আইনখন গ্ৰহণ কৰিলে ৰাজ্যসমূহে পুৰণি আইনসমূহ বাতিল কৰি অধিক সংস্কাৰমুখী আৰু প্ৰযুক্তিনিৰ্ভৰ ব্যৱস্থা গঢ়ি তুলিব পাৰিব। কিন্তু, এতিয়ালৈকে কোনো ৰাজ্যই এই নতুন আইন কাৰ্যকৰী কৰা নাই, যাৰ ফলত কাৰাগাৰ সংস্কাৰৰ প্ৰক্ৰিয়া পিছ পৰি আছে।
মন্ত্ৰালয়ৰ মতে, ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ২০১৬ চনৰ মডেল প্ৰিজন মেনুৱেলৰ নিৰ্দেশনা অনুসৰণ কৰি কাৰাগাৰ প্ৰশাসনত কিছু সংস্কাৰ কৰিছে। এই হাতপুথিয়ে কয়দীৰ মৌলিক অধিকাৰ, স্বাস্থ্যসেৱা, আৰু পুনৰ্বাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু ২০২৩ চনৰ আইনখনে আৰু অধিক সমসাময়িক আৰু ব্যাপক দিশৰ সৈতে কাৰাগাৰ ব্যৱস্থাৰ আধুনিকীকৰণৰ পথ প্ৰশস্ত কৰিব পাৰে।