শৰাইঘাট যুদ্ধৰ প্ৰতিফলন হোৱাকৈ গুৱাহাটীত স্থাপন হ’ব আধুনিক সংগ্ৰহালয়

Sarbananda Sonowal

গুৱাহাটীত নিৰ্মাণ হ'ব শৰাইঘাট যুদ্ধৰ সংগ্ৰহালয়

শৰাইঘাটৰ যুদ্ধত বীৰ লাচিত বৰফুকনৰ পৰাক্ৰম, মোগলৰ হাতৰ পৰা অসমক ৰক্ষা কৰা, যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ সুবিধা সন্নিবিষ্ট কৰণেৰে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত নিৰ্মাণ কৰিব এক আধুনিক সংগ্ৰহালয়।

দেশৰ নতুন প্ৰজন্মৰ উপৰি দেশ তথা বিদেশৰ পৰ্যটকসকলে যাতে নদীৰ ওপৰত হোৱা এই বৃহৎ যুদ্ধখনৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়ে সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ’ব।

মঙলবাৰে মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত গুৱাহাটী উন্নয়ন বিভাগৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ ঐতিহ্যক গৰিমামণ্ডিত কৰা বীৰ লাচিতৰ সাহস, ত্যাগ আৰু স্বদেশ প্ৰেমৰ নমুনা নতুন প্ৰজন্মৰ সন্মুখত সঠিক ৰূপত দাঙি ধৰিব লাগিলে এনেকুৱা এক সংগ্ৰহালয়ৰ প্ৰয়োজনীয়তা আহি পৰিছে।

‘ৱাৰ এণ্ড ৱাটাৰ’ নামেৰে এই সংগ্ৰহালয়টো নামাংকিত কৰাৰ পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায় যাতে বীৰ লাচিতৰ নৌ সমৰ কৌশল সমূহ উপযুক্তভাবে প্ৰতিফলিত হয়।

মুখ্য মন্ত্ৰীয়ে সংগ্ৰহালয়টোত যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা নাও, যুদ্ধ সামগ্ৰী, বৰটোপ, হিলৈ ইত্যাদি প্ৰদৰ্শন ব্যৱস্থা কৰিবলৈ কয়।

দেশৰ একতা আৰু অখণ্ডতাৰ বাবে লাচিত বৰফুকনে যি সাহস দেখুৱাইছিল তাৰ জৰিয়তে ৰাষ্ট্ৰীয় ভাৱনা সুদৃঢ় হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।

মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সাংস্কৃতিক বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে আদি উপস্থিত থাকে।