চলিত সপ্তাহতেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ; মোদী কেবিনেটত ১৮ ‘নতুন মুখ’ অন্তৰ্ভুক্তিৰ সম্ভাৱনা
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ চলিত সপ্তাহতেই হোৱাৰ অনুমান কৰা হৈছে। এই জল্পনা-কল্পনাৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজা বাসভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত বহাৰ কথা আছিল যদিও শেষ মুহূৰ্তত বৈঠকখন বাতিল হয়।
সূত্ৰসমূহৰ মতে, আজি প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থকাৰ কথা আছিল।
জানিব পৰা মতে, ১৮গৰাকী নতুন মুখ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অমিত শ্বাহ আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে এক বৈঠকত মিলিত হয়।
সূত্ৰসমূহৰ মতে, মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান পোৱাটো নিশ্চিত। সোণোৱালক কি মন্ত্ৰ্যালয় দিব সেয়া নিশ্চিত হোৱা নাই যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ড’নাৰ মন্ত্ৰ্যালয়ৰ দায়িত্ব দিয়াৰ সম্ভাৱনা অধিক বুলি এক সূত্ৰই জানিবলৈ দিছে।
ওমদীৰ মন্ত্ৰীসভাত স্থান পাব পাৰে কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা জ্যোতিৰাদিত্য সিন্ধিয়াই। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মন্ত্ৰীসভাতো কেন্দ্ৰীয় মন্ত্ৰী আছিল সিন্ধিয়া। তদুপৰি, মধ্য প্ৰদেশত কমল নাথ চৰকাৰৰ পতনৰ আঁৰৰ মূল ব্যক্তি আছিল।
মোদীৰ কেবিনেটত স্থান পাব পাৰে বৈজয়ন্ত পাণ্ডায়ো। বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। শেহতীয়াকৈ তেওঁক ৰাজ্য ৰাজনীতিৰ পৰা আঁতৰাই আনি ৰাজ্যসভাৰ সদস্য কৰা হৈছে।
উল্লেখ্য যে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাত ৫৩জন মন্ত্ৰী আছে। সংবিধান অনুযায়ী ৭৯জন মন্ত্ৰী ৰাখিব পৰা যায়। সেয়েহে, আৰু বহুকেইজনক কেবিনেটত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।
বৰ্তমান মোদীৰ কেবিনেটত আছে ২১জন মন্ত্ৰী। তদুপৰি, ৯জন স্বতন্ত্ৰ দায়িত্ব প্ৰাপ্ত ৰাজ্যমন্ত্ৰী আৰু ২৯জন ৰাজ্যমন্ত্ৰী আছে।