NORTHEAST NOW (Assamese)

চলিত মাহত মোদী মন্ত্ৰীসভাৰ সালসলনি! মুছলমান ‘মুখ’ক লৈ জল্পনা-কল্পনা

April 17, 2025 10:17 am · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ ৰাজনৈতিক মহলত বিজেপি আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সালসলনি একেলগে হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। বিজেপিৰ নতুন সৰ্বভাৰতীয় সভাপতিৰ নাম আৰু কেন্দ্ৰীয় বিষয়ববীয়াৰ তালিকা এই এপ্ৰিল মাহত ঘোষণা কৰা হ’ব। কিছুদিনৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনি হ’ব পাৰে বুলি চৰ্চা চলিছে। তৃতীয় মোদী মন্ত্ৰীসভাত মুছলমান ‘মুখ’ক স্থান দিয়াৰ সম্ভাৱনাও প্ৰবল। তেনে ক্ষেত্ৰত পাছমাণ্ডা সম্প্ৰদায়ৰ এজন ব্যক্তিক কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান দিয়া হ’ব পাৰে।

শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত নতুন ৱাকফ আইনখনৰ বিৰোধিতা দেখা গৈছে। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইনখনৰ তীব্ৰ পোষকতা কৰে। বিৰোধীয়ে মোদীক অহৰহ সমালোচনা কৰি আঙুলিয়াই দিয়ে যে কেবিনেটত এটাও মুছলমান মুখ নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে সেই সকলোবোৰ চম্ভালিবলৈ মুছলমান সম্প্ৰদায়ক ঠাই দিব পাৰি।

ইফালে, এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইফালে, যোৱা মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক আৰু এক ঘণ্টীয়া বৈঠকত মন্ত্ৰীসভাৰ সালসলনিৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। একে সময়তে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰায় দুঘণ্টা ধৰি বৈঠকত মিলিত হয়। যিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত পুনৰ পৰিৱৰ্তনৰ জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগাইছে। বিজেপিৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

সেই কথা মনত ৰাখি সংগঠনৰ পৰা নতুন মুখ এখনক কেবিনেটত স্থান দিয়া হ’ব পাৰে। এই তালিকাত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ নাম। ইয়াৰ উপৰিও কেইবাজনো অংশীদাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হ’ব পাৰে বুলিও শুনা গৈছে। এই আলোচনাত প্ৰফুল্ল পেটেল, শ্ৰীকান্ত শিণ্ডেকে ধৰি মহাৰাষ্ট্ৰ মিত্ৰজোঁটৰ কেইবাগৰাকীও নেতাৰ নাম ওলাইছে৷

Related News