দেশত ৩ মে’লৈকে ১৯ দিনৰ বাবে লকডাউন বৃদ্ধিৰ ঘোষণা প্ৰধান মন্ত্ৰী মোদীৰ

Untitled-3-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ভাৰতত অহা ৩ মে’লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লকডাউনৰ নিয়ম পালন কৰিব লাগিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বজাত দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত এই কথা ঘোষণা কৰে।

তেওঁ কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত ঘোষণা কৰা হৈছে।

অহা ২০ এপ্ৰিললৈকে ৰাজ্যসমূহৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।

লকডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্টি কৰি দিয়ে।

তদুপৰি, লকডাউনৰ বিস্তৃত নীতি-নিৰ্দেশনা কাইলৈ জাৰি কৰা হ’ব বুলিও সদৰী কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

যোৱা ২৪ মাৰ্চত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ আজি সামৰণি পৰিব।

প্ৰধান মন্ত্ৰীয়ে কয়,’’অহা ২০ এপ্ৰিললৈকে সকলো জিলা, অঞ্চল, ৰাজ্যসমূহত তেওঁলোকে নিয়মসমূহ কিমান কঠোৰভাৱে ৰূপায়ন কৰিছে সেয়া সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।  যিবিলাক ৰাজ্যত হটস্পট বৃদ্ধি নহয়, তাত তেওঁলোকক কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ’ব যদিও কিছু চৰ্ত থাকিব।‘’

তেওঁ লগতে কয় যে ২০ এপ্ৰিলৰ পাছত কিছু শিথিল কৰাৰ অনুমতি দিয়া হ’ব পাৰে যিবিলাক স্থানত হটস্পট পোৱা নাযায়।

‘’নতুন হটস্পটে এক নতুন সংকটৰ সৃষ্টি কৰিব,‘’ –প্ৰধান মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰীয়ে কয় যে দেশখনে  লকডাউন আৰু সামাজিক দূৰত্ব ৰক্ষাৰ বাবে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ  কিছু পৰিমানে সক্ষম হৈছে।

‘’সামাজিক দূৰত্ব বজাই ৰখা আৰু লকডাউনে ভাৰতক বৃহৎ উপকৃত কৰিছে,’’-তেওঁ কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে ২১ দিনীয়া লকডাউনৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা জনসাধাৰণে লকডাউন পালন কৰাৰ বাবে ধন্যবাদ জনায়।

প্ৰধান মন্ত্ৰীয়ে লকডাউনৰ ফলত ক্ষতি হোৱা অৰ্থনীতিৰ কথা উল্লেখ কৰি দেশৰ বাবে মানুহৰ জীৱন বচোৱাটোৱে প্ৰাথমিকতা বুলিও ব্যক্ত কৰে।

সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈকে বিশ্বত এই মহামাৰীৰ ফলত ১৯,২০,৬১৮জন লোক আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা এতিয়ালৈ ১,১৯,৬৬৬জন হৈছে।

ভাৰতত এতিয়ালৈ ১০,৩৬৩জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৩৩৯জন লোকৰ মৃত্যু ঘটিছে।

অসমত মঙলবাৰে আন এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত এতিয়ালৈ এজন লোকে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

এই সময়ছোৱাত অসমত শুকুৰবাৰলৈকে ১২৭২টা লকডাউন উলংঘনৰ ঘটনা সংঘটিত হৈছে আৰু ১৩৫৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লকডাউনৰ সময়চোৱাত মুঠ ৮৫৩৩খন যান-বাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ৭৮১৬, তিনিচকীয়া ৭৭, চাৰিচকীয়া ৬৩২, ট্ৰাক পাঁচ, ট্ৰেক্তৰ দুই আৰু ট্ৰেইলাৰ এখন।

এই সময়চোৱাত ১২খন দেশী নাও আৰু পাঁচখন মেচিন নাঁৱো জব্দ কৰা হৈছে।

লকডাউনৰ সময়চোৱাত মুঠ ৬৬৪টা গোচৰ ৰুজু হৈছে। জৰিমনা আদায় কৰা হৈছে ২৯,৪২,৩০০ টকা।

আনহাতে, এই সময়চোৱাত ক’ভিড-১৯ সন্দৰ্ভত চ’চিয়েল মিডিয়াত ভুৱা বাতৰি বিয়পোৱাৰ বাবে ৬০টা গোচৰ ৰুজু কৰা হৈছে।