পুনৰ নাগৰিকত্ব বিধেয়ক আনিব মোদী চৰকাৰে : অমিত শ্বাহ

763099-shah

অমিত শ্বাহৰ ফাইল ফটো।

যোৱা ১৩ ফেব্ৰুৱাৰিত ৰাজ্যসভাত উত্থাপনত ব্যৰ্থ হোৱা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬খন মোদী চৰকাৰে পুনৰ আনিব বুলি ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। দেওবাৰে লখিমপুৰত বিজেপি যুৱ মৰ্চাৰ এখন সভাত ভাষণ দি শ্বাহে এই কথা ঘোষণা কৰে।

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ। তেওঁ লগতে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰা সকলকো সমালোচনা কৰে।

‘’নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি ৰূপায়িত কৰা নহয়, ই অসমক ব্যাপকভাৱে ক্ষতি কৰিব,’’-সভাত ভাষণ দি শ্বাহে এইদৰে কয়।

কেন্দ্ৰ আৰু ৰাজ্যত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰক চোকা সমালোচনা কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শেহতীয়াকৈ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা ৰাজ্যখনৰ আঞ্চলিক দল অসম গণ পৰিষদকো কটাক্ষ কৰে।

শ্বাহে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ ক্ষেত্ৰত মোদী চৰকাৰৰ স্থিতি সম্পৰ্কতো ভক্তব্য প্ৰকাশ কৰি কয় যে কংগ্ৰেছ আৰু অগপ চৰকাৰে অসমীয়া সংস্কৃতিক ৰক্ষণাবেক্ষন দিয়াৰ বাবে সৃষ্টি কৰা অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কত একো কৰিবলৈ সমৰ্থ নহ’ল।

শ্বাহে কয় যে আমি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ বাবে দায়বদ্ধ যাৰ বাবে কংগ্ৰেছক অঞ্চলটোৰ পৰা উৎখাত কৰিব লাগিব। মোদী চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে বহু কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। তেওঁ অসমৰ সকলো গাঁৱতে এতিয়া বৈদ্যুতিকৰণ কৰা হৈছে বুলিও ভাষণ প্ৰসংগত কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে তেওঁৰ ভাষণত পুলুৱামাত নিহত মনেশ্বৰ বসুমতাৰী আৰু আন চিআৰপিএফ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই কয় যে  তেওঁলোকৰ বলিদান অথলে নাযায়।

আজিৰ সভাখনত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ দিয়ে।