দেশত এতিয়া G-20 ৰ ব্যস্ততা। দেশ-বিদেশৰ নেতাৰে ভৰি পৰিছে দিল্লী। পিছে এই ব্যস্ততাৰ মাজতে শিৰোনামলৈ আহিছে এক বিতৰ্ক। শাসকীয় বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে উত্থাপন হৈছে জাতি বৈষম্যৰ অভিযোগ।
G-20ৰ ডিনাৰৰ অতিথি তালিকাৰ পৰা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক বাদ দিয়াৰ পিছতে এই অভিযোগ তুলি বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা কৰিছে এগৰাকী কংগ্ৰেছ নেতাই।
তামিলনাডু কংগ্ৰেছৰ মোহন কুমাৰমংগলমৰ মতে, দলিত হোৱাৰ বাবেই মল্লিকাৰ্জুন খৰ্গেক এই হাইপ্ৰফাইল অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাই। এই প্ৰসঙ্গতে তেওঁ ঋষি মনুৰ উল্লেখেৰে মোদীক কটাক্ষ কৰে।
কুমাৰমংগলমৰ দাবী, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাচীন হিন্দু ঋষি মহৰ্ষি মনুৰ উত্তৰাধিকাৰৰ ভূমিকা লৈছে। উল্লেখ্য যে, ‘হিন্দু আচৰণৰ পথ প্ৰদৰ্শক’ হিচাপে চিহ্নিত মনুস্মৃতিৰ লেখক মনুক জাতিভিত্তিক বৈষম্যৰ পৃষ্ঠপোষক আখ্যা দিয়া হয়।
কংগ্ৰেছ নেতাগৰাকীয়ে মোদীক ঋষি মনুৰ নীতিৰ ধাৰাবাহক বুলি উল্লেখ কৰাৰ লগতে এনে আচৰণেৰে পিছপৰা শ্ৰেণীৰ নেতাক গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰা কেইবাটাও দৃষ্টান্ত উল্লেখ কৰে।
অযোধ্যাৰ ৰাম মন্দিৰৰ ‘ভূমি পূজন’লৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক নিমন্ত্ৰণ কৰা হোৱা নাছিল বুলি উল্লেখ কৰি কুমাৰমংগলমে লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নতুন সংসদ ভৱনৰ মুকলি অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাৰ প্ৰসঙ্গও উত্থাপন কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই বিষয়ক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। চৰকাৰৰ এই কাৰ্যই শাসকীয় দলটোৱে যে বিৰোধীৰ নেতাক কোনো মূল্য নিদিয়ে সেয়া উদঙাই দিছে বুলি মন্তব্য কৰে গান্ধীয়ে।