লোকে লোকাৰণ্য শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ : ‘গুজৰাটী বেপাৰীক অসমৰ বিক্ৰী কৰিছে মোদীয়ে’; ৰাহুল গান্ধী

20210214_173016(1)

অসম প্ৰদেশ কংগ্ৰেছৰ অসম বচাওঁ আহক শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আজি শিৱসাগৰত উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী।

শিৱসাগৰৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত প্ৰায় ২৫ হাজাৰ লোকৰ উপস্থিতিত উদাত্ত ভাষণ প্ৰদান কৰে কংগ্ৰেছৰ যুৱ নেতা  ৰাহুল গান্ধীয়ে।

সভাত কংগ্ৰেছৰ নেতাগৰাকীয়ে সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰাৰ লগতে তেওঁক ৰাজনৈতিক গুৰু হিচাপে আখ্যা দিয়ে।

ইফালে নিজৰ ভাষণত ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু আম্বানী-আদানিক কটাক্ষ কৰি কয় তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰে ‘হাম দো হামাৰে দো বাকী চব মৰ জাঔ নীতি অৱলম্বন কৰিছে।’

বৰ্তমানৰ বিজেপি চৰকাৰখন বিক্ৰী কৰা চৰকাৰ বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে কয় এই চৰকাৰে অসমক ভাগ ভাগ কৰি অসমৰ সম্পদ গুজৰাটী বেপাৰীক বিক্ৰী কৰিছে।

তেওঁ কয়, অসমৰ উন্নতিৰ অবিহনে ভাৰতৰ উন্নতি অসম্ভৱ। এই চৰকাৰৰ  দিনত নিবনুৱা সমস্যা বৃদ্ধি পাইছে বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে।

কংগ্ৰেছ দলে কা’ কেতিয়াও নামানে। কা’ বিৰোধিতা কৰি আজি মঞ্চত বহি থকা  কংগ্ৰেছৰ সকলো বিষয়ববীয়াই No CAA চিহ্ন অংকন কৰিছে।

মঞ্চতেই তেওঁ জেপৰ পৰা ১৬৭ টকা উলিয়াই কয়,  বৰ্তমানৰ চৰকাৰৰ দিনত এই টকা এজন চাহ শ্ৰমিকৰ দৈনিক মজুৰি। আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ হ’লে ইয়াৰ লগত আৰু ২০০ টকা যোগ দি চাহ শ্ৰমিকৰ মজুৰি ৩৬৭ টকালৈ বৃদ্ধি কৰা হ’ব।

ৰিম’ট কন্ট্ৰলেৰে কেৱল টিভিহে চলে, অসমৰ দৰে ৰাজ্যৰ চৰকাৰ নচলে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। অসমৰ মুখ্যমন্ত্ৰীক দিল্লী নাগপুৰৰ ৰিম’ট কন্ট্ৰলত চলা মুখ্যমন্ত্ৰী বুলিও তেওঁ কটাক্ষ কৰে।

অসম চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়,  কংগ্ৰেছ দলে অসম চুক্তিক সন্মান কৰে আৰু অসম চুক্তি আখৰে আখৰে পালন কৰিব।

আজি কংগ্ৰেছৰ এই গণ সমাৰোহত চট্টীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, সুস্মিতা দেৱ, আব্দুল খালেক, বিধায়ক দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদ, ৰূপজ্যোতি কুৰ্মী, নন্দিতা দাস, আদিকে ধৰি বহু কংগ্ৰেছ নেতা উপস্থিত থাকে।