• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগাথা চাংমাক মন্ত্ৰীৰূপে ল’ব পাৰে নৰেন্দ্ৰ মোদীয়ে

নতুন বছৰত মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠক নতুন দিল্লীত অহা ৩ জানুৱাৰিত অনুষ্ঠিত হ’ব।

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
January 1, 2020 8:56 pm
Modi likely to induct Agatha K Sangma as a minister

গিৰীয়েক পেত্ৰিক মাৰাকৰ সৈতে আগাথা চাংমাৰ ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰাৰ সাংসদ আগাথা চাংমাক নৰেন্দ্ৰ মোদী-নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

নতুন বছৰত মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠক নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় ভৱনত অহা ৩ জানুৱাৰিৰ সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

বৈঠকখনে তাৎপৰ্য্য বহন কৰিছে কাৰণ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথমটো কেবিনেট সম্প্ৰসাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াত লোৱাৰ সম্ভাৱনা আছে।

কেবিনেট সম্প্ৰসাৰণ সম্পৰ্কীয় অনুমানে যোৱা কিছুদিন ধৰি চৰ্চা লাভ কৰি আহিছে।

বাতৰিমতে, জানুৱাৰিৰ শেষ সপ্তাহত প্ৰথমটো কেবিনেট সম্প্ৰসাৰণৰ সম্ভাৱনা আছে।

চলিত অপবিত্ৰ সময়ৰ বাবে কেবিনেট সম্প্ৰসাৰণৰ ঘোষণাত পলম হৈছে।

ডিচেম্বৰৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অপবিত্ৰ সময়চোৱাৰ অহা ১৪ জানুৱাৰিত অৱসান ঘটিব।

যোৱা ২১ ডিচেম্বৰত নতুনকৈ মুকলি কৰা গুজৰাট ভৱনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদৰ অন্তিম বৈঠক অনুষ্ঠিত কৰিছিল।

নতুন দিল্লীত ক্ষমতাৰ কৰিদৰৰ সৈতে ঘনিষ্ঠ সূত্ৰই নৰ্থইষ্ট নাওক বুধবাৰে জনোৱামতে আগাথা কে চাংমাক উত্তৰ-পূবৰ পৰা তৃতীয়গৰাকী মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

মোদী চৰকাৰত বৰ্তমান থকা মন্ত্ৰী দুজন হৈছে—কিৰেন ৰিজিজু আৰু ৰামেশ্বৰ তেলী।

ৰিজিজু ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী, তেলী খাদ্য সংসাধনৰ কনিষ্ঠ মন্ত্ৰী।

আগাথা চাংমা ১৭ সংখ্যক লোক সভালৈ নিৰ্বাচিত উত্তৰ-পূবৰ কনিষ্ঠতম প্ৰাৰ্থী আৰু নিশ্চয়কৈ তেওঁ মোদী ২.০ চৰকাৰৰ প্ৰাৰ্থী হোৱাৰ বাবে আটাইতকৈ যোগ্য প্ৰাৰ্থী।

লোক সভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিত’ক চাংমাৰ কনিষ্ঠা কন্যাগৰাকীয়ে তুৰা সমষ্টিত মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক ১,১৫,২৩৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল।

১৯৮০ চনৰ ২৪ জুলাইত জন্ম গ্ৰহণ কৰা আগাথা স্মাৰ্ট, শিক্ষিতা, আৰু লোকপ্ৰিয়।

তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লোৱাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰত যোগ দিছিল। পিছত তেওঁ পৰিৱেশ ব্যৱস্থাপনা বিষয়ত ইউ কেৰ ইউনিভাৰ্ছিটি অৱ নটিংহামৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।

নিজৰ ৰাজনৈতিক ঐতিহ্য, শিক্ষা আৰু স্মাৰ্টনেছৰ উপৰি তেওঁ হৈছে এন ডি এৰ পৰা নিৰ্বাচিত উত্তৰ-পূবৰ দ্বিতীয়গৰাকী সাংসদ (বিজেপিৰ কিৰেন ৰিজিজুৰ বাহিৰে) যাৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে।

আগাথা এইবাৰ তৃতীয় বাৰলৈ লোক সভাৰ সাংসদ হৈছে। দেউতাক পি এ চাংমা মেঘালয়ৰ ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ বাবে আসনখন ত্যাগ কৰাৰ পিছত ২০০৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে উপ নিৰ্বাচনযোগে ১৪সংখ্যক লোক সভালৈ নিৰ্বাচিত হৈছিল।

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সাংসদ হিচাপে ১৫সংখ্যক লোক সভালৈ তেওঁ পুনৰ নিৰ্বাচিত হৈছিল আৰু মনমোহন সিং-নেতৃত্বাধীন ইউ পি এ ২ চৰকাৰৰ সৰ্বকনিষ্ঠা মন্ত্ৰী (২৯ বছৰ) আছিল।

গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আগাথাই উত্তৰ-পূবৰ গাওঁসমূহক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল যাতে এই অঞ্চলসমূহে বিকাশৰ পোহৰ দেখা পাব পাৰে।

দুৰ্ভাগ্যজনকভাৱে, ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তনৰ ফলত ইউ পি এ ২ চৰকাৰৰ পৰা ২০১২ চনৰ অক্তোবৰত পদত্যাগ কৰিব লগা হোৱাত আগাথাৰ উত্তৰ-পূব বিকাশৰ কিছু সপোন অপূৰ্ণ হৈ ৰৈছিল।

তুৰাৰ তৰুণী সাংসদগৰাকীৰ মেঘালয় বিধান সভাৰ সদস্য হিচাপে কাম কৰাৰ অভিজ্ঞতাও আছে।

সম্ভ্ৰান্ত দক্ষিণ তুৰা সমষ্টিৰ পৰা তেওঁ এন পি পি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল।

মেঘালয় বিধান সভাত তেওঁ আছিল এন পি পিৰ চ্চিফ হুইপ। কিন্তু, ককায়েক কনৰাদ চাংমাই উপ নিৰ্বাচন খেলাৰ বাবে আগাথাই নিজ সমষ্টি এৰি দিব লগা হৈছিল।

আগাথাৰ শিৰত দুই ককায়েক ৰাজনীতিক- জেমছ আৰু কনৰাদৰ আশীৰ্বাদ আছে যদিও তেওঁ ৰাইজৰ কাম কৰাৰ বাবে সদায় দেউতাকৰ পৰা প্ৰেৰণা লৈ আহিছে।

যোৱা ২১ নৱেম্বৰত আগাথা বিবাহপাশত আবদ্ধ হৈছিল।

মন্ত্ৰিত্বৰ বিষয়টো সন্দৰ্ভত মন্তব্য গ্ৰহণৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd