NORTHEAST NOW (Assamese)

গহপুৰত মোদী।। বিহুৰ শুভেচ্ছা, মুখত কনকলতা-মুকুন্দ কাকতীৰ নাম, সমালোচনা কংগ্ৰেছক

March 30, 2019 6:10 pm · এন ই নাও নিউজ
গহপুৰৰ নিৰ্বাচনী সভাত শনিবাৰে মোদী।

শোণিতপুৰ জিলাৰ গহপুৰত লখিমপুৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ শনিবাৰে চলোৱা প্ৰচাৰত বিৰোধী কংগ্ৰেছক চোকা সমালোচনা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰঙালী বিহুৰ শুভেচ্ছাৰে ভাষণ আৰম্ভ কৰা মোদীয়ে অসমক ৭০ বছৰে প্ৰবঞ্চনা কৰা বুলি কংগ্ৰেছ দলক সমালোচনা কৰে।

মৰাণৰ পৰা আহি গহপুৰ ঘাহিগাঁৱত সম্বোধন কৰা সমাৱেশত মোদীয়ে কয়, “নৱ প্ৰজন্মই পুৰণিসকলৰ পৰা শিকিছে কংগ্ৰেছে কিদৰে অসমবাসীক সদায় ঠগি আহিছে। ই অসমবাসীৰ আত্মবিশ্বাসৰ সৈতে প্ৰতাৰণা কৰিছে,” মোদীয়ে কয়।

ভাষণত স্বাভাৱিকতেই ঠাই পায় গহপুৰৰ স্বাধীনতা সংগ্ৰামী কনকলতা আৰু মুকুন্দ কাকতীয়ে। চৰ্দাৰ বল্লভভাই পেতেলৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈকো সোঁৱৰে মোদীয়ে।

নিজ চৰকাৰৰ “সফলতা”ৰ উল্লেখ কৰিবলৈ গৈ মোদীয়ে কয়, “আজি অসমৰ দুখীয়াসকলে পকা ঘৰ পাইছে, দুখীয়া ভনীসকলে গেছ সংযোগ পাইছে আৰু দৰিদ্ৰ খেতিয়কসকলে বছৰি ৬০০০ টকাকৈ পাইছে।”

লোকসভা নিৰ্বাচনৰ সন্মুখত মোদীয়ে আৰম্ভ কৰা “চকীদাৰ” অভিধাক লৈ তেওঁ কয় যে চকীদাৰক সমালোচনা কৰাসকল ভাৰতৰ বিৰোধী।

প্ৰধান মন্ত্ৰীগৰাকীয়ে শনিবাৰে অৰুণাচল প্ৰদেশৰ আল’ত জনসভাৰে উত্তৰ-পূবত লোকসভাৰ প্ৰচাৰ আৰম্ভ কৰে।

Related News