NORTHEAST NOW (Assamese)

আনন্দমেলাত আনন্দৰ মাজতে অঘটন: চলি থকাৰ মাজতে খহি পৰিল ‘স্পিনিং চুইং’, আহত কেইবাগৰাকীও লোক

September 5, 2022 10:03 am · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে পাঞ্জাৱৰ মোহালিৰ বিনোদন উদ্যানত অনুষ্ঠিত হোৱা আনন্দমেলাৰ আনন্দৰ মাজতে সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনাই আতংকৰ সৃষ্টি কৰে। দুচেৰা গ্ৰাউণ্ডত আনন্দমেলাৰ এক প্ৰধান আকৰ্ষণ ‘স্পিনিং চুইং’ ঘূৰি থকাৰ মাজতে কাৰিকৰী বিজুতিৰ বাবে হঠাতে তললৈ খহি পৰে।

এই আকস্মিক দুৰ্ঘটনাত আনন্দমেলাত উপস্থিত লোকৰ মাজত হুৱা-দুৱা লগায়। এই সমগ্ৰ ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ঘূৰি থকাৰ সময়তে ‘স্পিনিং চুইং’টো হঠাতে ৰৈ যায়।

তাৰ পিছতে তললৈ ঘূৰি অহাৰ বিপৰীতে ‘স্পিনিং চুইং’টো প্ৰায় ৫০ ফুট উচ্চতাৰ পৰা দ্ৰুতগতিত তললৈ বাগৰি পৰে। এই ভয়াৱহ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ প্ৰায় ১৬ গৰাকী লোক আহত হয়। আহতসকলৰ কেইজনমানে গুৰুতৰভাৱে আঘাত পাইছে বুলি জানিব পৰা গৈছে।

অৱশ্যে আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয়। প্ৰকাশিত খবৰ অনুসৰি লণ্ডন ব্ৰীজ নামৰ মোহালিৰ দুচেৰা গ্ৰাউণ্ডত এখন আনন্দমেলা চলি আছিল। দেওবাৰ উপলক্ষে বহু সংখ্যক লোক মেলাত উপস্থিত আছিল।

ইফালে দুৰ্ঘটনাৰ পাছতে ‘স্পিনিং চুইং’ৰ অপাৰেটৰসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় প্ৰশাসনীয় কৰ্তৃপক্ষ তথা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

ইতিমধ্যে জিলা প্ৰশাসনে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। জিলা উপায়ুক্ত অমিত তলৱাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব আৰু ইয়াত দোষী সাব্যস্ত হোৱা সকলকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related News