• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 8:30 pm
74
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰিব বুলি ব্যক্তিগতভাৱে মন্তব্য দিয়া দুদিনৰ পাছতে, শনিবাৰে তেওঁৰ মন্ত্ৰীসভাৰ এজন উপদেষ্টাই প্ৰকাশ কৰে যে তেওঁ এতিয়াও নিজৰ পদত বহাল আছে। নেচনেল চিটিজেন পাৰ্টি (এনচিপি)-ৰ ছাত্ৰ নেতৃত্বৰ সৈতে হোৱা আলোচনাত তেওঁ আগতীয়াকৈ পদত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছিল, কাৰণ তেওঁ অনুভৱ কৰিছিল যে বর্তমান পৰিস্থিতিত কাম কৰি যোৱাটো কঠিন হৈ পৰিছে।

পৰিকল্পনা উপদেষ্টা ৱাহিদুদ্দিন মাহমুদে সংবাদমাধ্যমৰ আগত কয়, “তেওঁ যাব বুলি কোৱা নাছিল, মাথোঁ কৈছিল যে দায়িত্ব পালনত বাধা আহি আছে, কিন্তু  সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছো।” তেওঁ স্পষ্টভাৱে কয়, “মহম্মদ ইউনুছ নিশ্চিতভাৱে থাকিব।”

ঢাকাৰ শ্বেৰ-ই-বাংলা নগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ বৈঠকৰ পিছত ইউনুছে হঠাৎ এক গোপন বৈঠক আহ্বান কৰে। বৈঠকত মূলতঃ নিৰ্বাচনৰ সময়সূচী, সংস্কাৰ এজেণ্ডা আৰু যোৱা জুলাইত ঘোষিত ইস্তাহাৰৰ বিষয়ে আলোচনা কৰা হয় বুলি উল্লেখ কৰিছে।

উপদেষ্টা ছ্যেদা ৰিজৱানা হাছানে সংবাদমাধ্যমৰ আগত কয়, এই আলোচনাসমূহ তৎকালীন ছাত্ৰ বিদ্ৰোহৰ পৰা উদ্ভৱ হোৱা পৰিৱর্তনৰ চেষ্টাৰ অংশ। ইউনুছক দেশ আৰু গণআন্দোলনৰ স্বাৰ্থত দৃঢ়ভাৱে থিয় দিবলৈ আহ্বান জনাইছে এনচিপিৰ আহ্বায়ক নাহিদ ইছলামে ।

ইউনুছে খালেদা জিয়াৰ নেতৃত্বৰ বিএনপি আৰু জামাত-ই-ইছলামীৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। বিএনপিৰ জ্যেষ্ঠ নেতাসকলে উল্লেখ কৰে, তেওঁলোকে আশা কৰিছিল ইউনুছে হঠাতে পদত্যাগ নকৰে, আৰু নিৰ্বাচন সম্পন্ন কৰি সন্মানে পদ ত্যাগ কৰিব। তেওঁ অৰু কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ উদ্দেশ্য মাথোঁ নিৰ্বাচন নহয়, বরঞ্চ সমাজত ন্যায় আৰু সংস্কাৰ আনি সুস্থ ৰাজনীতি প্ৰতিষ্ঠা কৰা।

উল্লেখযোগ্য যে, সেনাই ২০২৪ চনৰ ছাত্ৰ বিদ্ৰোহৰ সময়ত দমন নকৰি শ্বেইখ হাছিনাক ভাৰতলৈ নিৰাপদে প্ৰেৰণ কৰিবলৈ সহায় কৰিছিল। পিছত ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়াটো এনচিপিৰ গঠন প্ৰচেষ্টাৰ অংশ আছিল।

শেহতীয়াকৈ ইউনুছৰ চৰকাৰে আৱামি লীগৰ বহু নেতাক, প্ৰাক্তন মন্ত্ৰীসহ, মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত কাৰাবন্দী কৰে। এন সময়তে বিভিন্ন ৰাজনৈতিক দল, বিশেষকৈ বিএনপি, আগতীয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ চাপ দি আহিছে। ইফালে ইউনুছৰ পদত্যাগৰ সম্ভাৱনাৰ খবৰ বাহিৰ হোৱাৰ পাছতে দেশজুৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd