গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত মহম্মদ ছিৰাজ।

অষ্ট্ৰেলিয়াত আঘাত জৰ্জৰিত ভাৰতীয় শিৱিৰত প্ৰাণৰ সঞ্চাৰ কৰা ভাৰতীয় বলিঙক নেতৃত্ব দি মহম্মদ ছিৰাজে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে।

মাত্ৰ দুখন টেষ্ট খেলাৰ অভিজ্ঞতাৰে ইশান্ত, বুমৰাহ, ছামী, উমেশ, অশ্বিন, জাডেজাৰ অবিহনে দলৰ পেচ বলিঙৰ নেতৃত্ব দিছে ছিৰাজে।

ভাৰতীয় দলটোৰ ৫গৰাকী বলাৰৰ ভিতৰত ছিৰাজৰ দুখন টেষ্ট খেলাৰ অভিজ্ঞতা থকাৰ বিপৰীতে ছাইনী আৰু শাৰ্দুলে ইয়াৰ পূৰ্বে এখনকৈ টেষ্ট খেলিছে। সেইদৰে এই মেচতেই অভিষেক ঘটিছে নটৰাজন আৰু ৱাশ্বিংটন সুন্দৰৰ।

টেষ্টখনৰ প্ৰথম ইনিংছত ১টা উইকেট লাভ কৰা ছিৰাজে দ্বিতীয় ইনিংছত ৭৩ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ সীমিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

কেৰিয়াৰৰ তৃত্বীয়খন টেষ্টতেই প্ৰথমবাৰ ইনিংছত ৫টা উইকেট দখল কৰিলে ছিৰাজে। ইয়াৰ জৰিয়তে তেওঁ গাব্বাত ১৭বছৰ পুৰণি অভিলেখ স্পৰ্শ কৰে।

ব্ৰীছবেনত এটা ইনিংছত ৫টা উইকেট দখল কৰা পঞ্চমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় ছিৰাজ।

২০০৩চনত শেষবাৰৰ বাবে জাহিৰ খানে ব্ৰীছবেন টেষ্টৰ প্ৰথম ইনিংছত ৯৫ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰিছিল।

তাৰ পূৰ্বে ১৯৬৮চনত এৰাপল্লী প্ৰসন্নই গাব্বাত প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে ৫টা উইকেট লাভ কৰিছিল। সেইবাৰ প্ৰসন্নই ১০৪ৰাণৰ বিনিময়ত ৬টা উইকেট দখল কৰিছিল। ব্ৰীছবেনত এতিয়ালৈকে এইটোৱেই কোনো ভাৰতীয় বলাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন।

আনহাতে, ১৯৭৭চনত বিষেন সিং বেদী আৰ মদন লালেও ব্ৰাছবেনত ৫টাকৈ উইকেট দখল কৰিছিল।