• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহম্মদ চিৰাজ: খৰচী বলাৰৰ পৰা বিশ্বৰ শীৰ্ষস্থানৰ এদিনীয়া বলাৰলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 5:33 pm
Mohammed Siraj
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইটামান দিন পূৰ্বলৈকে ভাৰতীয় ক্ৰিকেটত এগৰাকী খৰচী বলাৰ হিচাপে ক্ৰিকেট অনুৰাগীৰ ট্ৰলৰ সন্মুখীন হৈছিল মহম্মদ চিৰাজ। লাইন-লেংথত ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰাৰ বাবে নিজৰ স্পেলত যথেষ্ট ৰান খৰচ কৰিবলগীয়া হৈছিল পেচাৰগৰাকীয়ে। কিন্তু হঠাতে যেন উদীয়মান পেচাৰগৰাকীয়ে বিচাৰি পালে সঠিক লয়।

২০২১ ৰ ভাৰতৰ ঐতিহাসিক গাবা টেষ্টে চিৰাজৰ ক্ৰিকেট কেৰিয়াললৈ আনি দিছিল সেই লয়। গাবা টেষ্টে দিয়া আত্মবিশ্বাস, কঠোৰ অধ্যৱসায় আৰু অনুশীলনৰ বলত একালৰ সেই খৰচী চিৰাজ এতিয়া আই চি চি- ৰ এদিনীয়া ৰেংকিঙত বিশ্বৰ শীৰ্ষস্থানৰ বলাৰ।

আজি আই চি চি- এ ঘোষণা কৰা নতুন ৰেংকিং তালিকাত শীৰ্ষস্থানত উপনীত হৈছে ভাৰতীয় পেচাৰগৰাকী। শেহতীয়াকৈ ভাৰতীয় দলৰ হৈ আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ফলশ্ৰুতিত এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে চিৰাজ।

ভাৰতৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ অনুপিস্থিত বিগত সময়চোৱাত চিৰাজে দক্ষতাৰে বহন কৰিছে পেচ আক্ৰমণৰ দায়িত্ব। পাৱাৰপ্লেত উইকেট দখলৰ সাৰ্থকতাৰ লগতে চিৰাজে মিতব্যয়ী বলিঙেৰে ভাৰতীয় পেচ বলিং আক্ৰমণক এক নতুন শক্তি প্ৰদান কৰিছে।

আজি ঘোষিত ৰেংকিঙত চিৰাজে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট আৰু অষ্ট্ৰেলিয়াৰ জ’ছ হেজলউডক অতিক্ৰম কৰি প্ৰথমবাৰৰ বাবে শীৰ্ষ ৰেংকিঙৰ এদিনীয়া বলাৰ হিচাপে পৰিগণিত হয়। যোৱা এটা বছৰত চিৰাজৰ দুৰ্দান্ত ফৰ্মে খেলুৱৈগৰাকীৰ কেৰিয়াৰত এই গতি প্ৰদান কৰিছে।

শেহতীয়াকৈ শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে চিৰাজে আগবঢ়াইছিল দমনীয় প্ৰদৰ্শন। শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ৯টা উইকেট দখল কৰা চিৰাজে নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাত দুখন মেচত পাঁচটা উইকেট দখল কৰিছিল।

দুটা স্থানৰ উত্তৰণ ঘটা চিৰাজে ৭২৯ ৰেটিং পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ৭২৭ পইণ্টেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ জ’ছ হেজলউড। আনহাতে তৃতীয় স্থানত থকা ট্ৰেণ্ট ব’ল্টৰ ৰেটিং পইণ্ট হৈছে ৭০৮।

আনহাতে বেটাৰৰ তালিকাত শীৰ্ষ দহৰ ভিতৰত আছে তিনি ভাৰতীয়। শেহতীয়াকৈ ভাৰতৰ অপেনিঙৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা যুৱ বেটাৰ শুভমন গিল কেৰিয়াৰ শ্ৰেষ্ঠ ষষ্ঠ স্থানত উপনীত হৈছে। গিলৰ লগতে শীৰ্ষ দহত থকা আন দুগৰাকী ভাৰতীয় বেটাৰ হৈছে তাৰকাদ্বয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলী।

বিৰাট কোহলী ঘোষিত ৰেংকিঙত সপ্তম স্থানত থকাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মা আছে অষ্টম স্থানত। পাকিস্তানৰ অধিনায়ক বাবৰ আজমে এই তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd